/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/aae0e210-4ed9-4f95-9197-e4e27401c0c7/ghy_iit.jpg)
ডিজিটেল ডেস্ক : যোৱা নিশা আই আই টি গুৱাহাটীত সংঘটিত হয় আন এক অঘটন। চিপ লৈ আত্মহত্যা কৰে আই আই টি খনৰে শিক্ষাৰ্থী সূৰ্য নাৰায়ণ প্ৰেম কিশোৰে । প্ৰতিষ্ঠানটিৰ বি.টেক ৰ ডিজাইনিঙৰ শিক্ষাৰ্থী আছিল সূৰ্য নাৰায়ণ। শিক্ষাৰ্থীজন আই আই টিৰ উমিয়াম হোষ্টেলৰ আবাসী আছিল বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত নিশাই আমিনগাওঁ আৰক্ষী উপস্থিত হয় হোষ্টেল খনত। তথ্য অনুসৰি শিক্ষাৰ্থীজনৰ বাসগৃহ কেৰেলাত।
উল্লেখ্য যে, দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি সমূহত সংঘটিত হোৱা এইটো প্ৰথম আত্মহত্যা নহয়। ইয়াৰ পূৰ্বেও বিভিন্ন কাৰণত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত হাতত লৈছে বহু কেইজন শিক্ষাৰ্থীয়ে। এই সন্দৰ্ভত, প্ৰতিষ্ঠান সমূহত মানসিক স্ৱাস্থ্যৰ সচেতনতাৰ কৰ্মশালা মাজে সময়ে অনুষ্ঠিত হৈ আহিছে যদিও কেৱল কৰ্মশালাই জানো ৰুধিব পাৰে এনে অঘটন ? দেশৰ শিক্ষা বিভাগে নিশ্চয় এই বিষয়ত অধিক সচেতন হোৱা উচিত।