/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/phrupnxn/29.jpg)
ডিজিটেল সংবাদ,চিদলী : আজি ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিনত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে কাজলগাঁৱত জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।
দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ লগতে কেইবা সহস্ৰাধিক দলীয় সমৰ্থকৰ উপস্থিতিত বিশাল সমদল উলিয়াই আজি মনোনয়ন দাখিল কৰে শুদ্ধ বসুমতাৰীয়ে। প্ৰতিকূল বতৰকো নেওচি আজি প্ৰায় পাঁচ সহস্ৰাধিক দলীয় সমৰ্থক কাজলগাঁৱৰ মিনি ষ্টেডিয়ামত উপস্থিত হয়। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কাজলগাঁওস্থিত জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত এক বিশাল জনসভাত অংশ লয় প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্ম,পাৰিষদ পানীৰাম ব্ৰহ্ম, জেমচ বসুমতাৰীয়ে।
দলীয় নেতা সকলৰ উপস্থিতিত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত ইউপিপিএল নেতা প্ৰমোদ বড়োক উদ্দেশ্য কৰি কয়, আমি বিগত ১৭ বছৰত বিটিচি এলেকাত উন্নয়নমূলক কাম কৰিছো নে নাই সেইটো বিটিচিবাসী ৰাইজে ভালকৈ জানে । ১৭ বছৰৰ মই শান্তিপূৰ্ণ ভাবে শাসন চলাইছো বৰঞ্চ প্ৰমোদ বড়োৰ শাসনকালত বিটিচি এলেকাত অশান্তি হে বিয়পাই আছে। প্ৰমোদ বড়োই এই কেইবছৰত কোকৰাঝাৰৰ পৰা কাৰিগাঁও লৈকে মাত্ৰ এটা স্পিড ব্ৰেকাৰ থকা পথ বনাই দম্ভালি মাৰি আছে বুলি কটাক্ষ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/d4kkjf8r/a099688b-a499-4a35-8812-5206fd87af3e.jpg)
আৰু কয়, প্ৰমোদ বড়োই বিটিচিত সম উন্নয়ন আৰু সম বিকাশৰ কথা কৈ নিজৰ জনগোষ্ঠীৰ মানুহকে উচ্ছেদ অভিযানৰ জৰিয়তে গৃহহীন বনাই আছে গতিকে আন আন জনগোষ্ঠীৰ মানুহৰ বাবে প্ৰমোদ বড়োই কি কৰিব আপোনালোকে অনুমান কৰক ৰাইজলৈ প্ৰশ্ন কৰে। আগন্তুক উপ নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী নিশ্চিত ৮০ হেজাৰ ভোটত জয়লাভ কৰিব দাবী বুলি কৰে। আনহাতে বিগত লোক সভা নিৰ্বাচনতো বিপিএফ দলে হাৰিলেও আন অফিচিয়েলি কিন্তু বিপিএফ দলেই জয়লাভ কৰিছিল বুলি ভাষনত উল্লেখ কৰে।
ইউপিপিএল দলৰ বিজয় সন্দৰ্ভত কয় যে "দাল মে কুচ কালা হায়" বুলি মন্তব্য কৰি কয় যে যদি ইউপিপিএল দলে জয়লাভ কৰিছিল বিজয়ী হোৱাৰ পিছত তেওঁলোকে কিয় আতচবাজী ফুটাই আনন্দ কৰা নাছিল, কিয় দলীয় কৰ্মী সকলক লৈ খোৱা-বোৱা নকৰিলে বুলিও হাগ্ৰামা মহিলাৰীয়ে প্ৰশ্ন কৰে। এইবেলি ৩১ নং চিদলী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীক বিপুল ভোটদান কৰি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়।
ইপিনে বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে কয় যে আজি এই প্ৰতিকূল বতৰকো নেওচি যিদৰে ৰাইজে মোৰ আজিৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰ্য্যসূচীত ওলাই আহিছে ইয়াৰ দ্বাৰাই মই অনুমান কৰিছো চিদলী সমষ্টিৰ এই উপ-নিৰ্বাচনত মোৰ বিজয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে । বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত আমাৰ দল বিপিএফৰ সপক্ষে ভোটদান কৰিছিল বিভিন্ন কাৰণত বিপিএফ দল বিটিচিৰ শাসনৰ পৰা আঁতৰি থাকিব লগা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/rroi9s9f/145f0a48-954c-4183-8219-04d1240d22be.jpg)
এই উপ-নিৰ্বাচন হৈছে আমাৰ বাবে ছেমিফাইনেল খেল আৰু উপ-নিৰ্বাচনত আমাৰ জয়লাভ হ'বই কেৱল এয়াই নহয় আগন্তুক ২০২৫ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আমাৰ দল জয়লাভ কৰি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে । উল্লেখ্য ।যে, আজি বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে পৈতৃক গাঁও চিদলীৰ বামুনগাঁও বেপ্তিষ্ট চাৰ্চত গৈ দলীয় সমৰ্থকৰ সৈতে একেলগে প্ৰাৰ্থনা জনায়।
তাৰ পিছত বামুনগাঁৱৰ দলীয় কাৰ্য্যালয়ৰ পৰা সমদল উলিয়াই কাজলগাঁৱৰ মিনি ষ্টেডিয়ামত আহি মনোনয়ন পত্ৰ দাখিল কৰা উপলক্ষে আয়োজন কৰা সভাত যোগদান কৰে।