/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/sudhir.png)
ডিজিটেল ডেস্ক: আসাম এছোচিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰখ্যাত অভিযন্তা সুধীৰ সন্দিকৈৰ যোৱা ২৮ মাৰ্চৰ সন্ধিয়া মুম্বাইস্থিত নিৰ্বাজা বাসভৱনত মৃত্যু হয়। টাটা কনচালটেঞ্চী চাৰ্ভিচৰ অৱসৰ প্ৰাপ্ত মুখ্য অভিযন্তা গৰাকীৰ মায়ানগৰী মুম্বাইত থকা অসমীয়া সমাজ আৰু সংস্কৃতিৰ বিশাল অৱদান আছিল।উল্লেখ্য যে, প্ৰখ্যাত কথাছবি প্ৰযোজক, পৰিচালক শিল্পী জাহ্নু বৰুৱাৰো তেওঁ নিকটতম আত্মীয় আছিল।
ভাৰতীয় চিনেমা তথা সাংস্কৃতিক ৰাজধানী মুম্বাইত অসম ভৱনৰ নিৰ্মাতা তথা মুম্বাইৰ পৰা গুৱাহাটীলৈ পোনপটীয়া ৰে'লৰ চলাচল, অসমীয়া চিনেমা মহোৎসৱ, ভাওনা, সাহিত্য সভাৰ শাখা গঠন, চিকিৎসাৰ বাবে অহা অসমৰ ৰোগী সকলৰ বাবে বিভিন্ন সহায় সহযোগীতাৰ উপৰি অসম হিতৈষী আন বহু কাম-কাজৰ সৈতে জড়িত হৈ আছিল এইগৰাকী বিশিষ্ট ব্যক্তি।
তেওঁৰ বিয়োগে মুম্বাইত থকা অসমীয়া বাসীকে নহয়, তেওঁৰ কাম-কাজৰ বিষয়ে অৱগত অসমবাসীকো মৰ্মাহত কৰিছে। আসাম এছোচিয়েশ্যনৰ কাৰ্যবাহী সমিতি, এনাজৰী , আমি এক আদি সংগঠন আৰু বিশিষ্ট ব্যক্তি সকলে তেওঁৰ মৃত্যুক গভীৰ শোক প্ৰকাশ কৰাৰ উপৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
আৰু পঢ়ক: https://www.asomiyapratidin.in/deadbody-found-south-kamrup/