সুদক্ষিণা শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন...

যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ শুকুৰবাৰে সুচাৰুৰূপে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়

author-image
Asomiya Pratidin
New Update
সুদক্ষিণা শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন...

sudakshina sarma

ডিজিটেল ডেস্ক, গুৱাহাটী : যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ শুকুৰবাৰে সুচাৰুৰূপে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷

Advertisment

উল্লেখ্য যে শিল্পী গৰাকীয়ে স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হৈ এখন ভৰি বিক্ষত হৈছিল। পোনতে অস্ত্ৰোপচাৰ নকৰাকৈ ঠিক হৈ যাব বুলি চিকিৎসকে ভৰসা দিছিল যদিও পাছত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়।

বৰ্তমান কণ্ঠশিল্পীগৰাকীক দুদিনৰ বাবে আই চি ইউত ৰখা হ'ব। তাৰ পাছত আৰু কিছুদিন চিকিৎসালয়তে কটাব লাগিব কণ্ঠশিল্পীগৰাকীয়ে। বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিয়ে চিকিৎসকে।

assam singer