/asomiyapratidin/media/media_files/2025/06/26/dfdsfsafas-2025-06-26-22-38-22.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ সোনাৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মথুৰাপুৰ জংঘল গাঁৱৰ গাঁওপ্ৰধান তথা নিমনাগড় ইকৰাণি গাঁৱৰ নিবাসী চুচন গগৈৰ বৃহস্পতিবাৰে নিজা বাসগৃহ পৰলোকপ্ৰাপ্তি ঘটে৷ প্ৰায় ৬২ বছৰীয়া সৰবৰহী ব্যক্তিজনৰ পুৱা প্ৰায় ৯-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে৷
তেওঁ মৃত্যু খবৰ বিয়পি পৰা লগে লগে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ৷ গগৈ কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ঘৰতেই চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, বোৱাৰী, জীয়াৰী, নাতি, নাতিনী সহিতে বহু আত্মীয়ক ইহসংসাৰত এৰি গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us