সোণতলীত ড্ৰাগছসহ দুজনক আটক..

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যিমানেই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, সিমানেই যেন এচামে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাবৰ চেষ্টা কৰিছে। পিছে এই ক্ষেত্ৰত অসম আৰক্ষীয়েও নিজৰ স্থিতি সৱল কৰি আগবাঢ়ি গৈছে।

author-image
Asomiya Pratidin
New Update
সোণতলীত ড্ৰাগছসহ দুজনক আটক..

ডিজিটেল সংবাদ, সোণতলী: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যিমানেই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, সিমানেই যেন এচামে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাবৰ চেষ্টা কৰিছে। পিছে এই ক্ষেত্ৰত অসম আৰক্ষীয়েও নিজৰ স্থিতি সৱল কৰি আগবাঢ়ি গৈছে।

Advertisment

আৰু এনে সৱল স্থিতিৰ পৰিপ্ৰেক্ষিততেই কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক ডেকাৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত চলিছিল এই অভিযান।

বকোৰ কাছাৰীপামৰ পৰা আটক কৰা ধৃত অপৰাধী কেইজন হ'ল জোৰশিমুলী গাঁৱৰ মজিবৰ ৰহমান আৰু দাসপাৰা গাঁৱৰ আশ্ৰাফুল ইছলাম। অপৰাধী দুজনৰ পৰা আৰক্ষীয়ে ১৭টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক সোধ-পোছ কৰি ইতিমধ্যেই জেললৈ প্ৰেৰণ কৰিছে।

Also Read: ৰীমা দাসৰ নতুন ছবি 'তৰাজ হাছবেণ্ড' প্ৰদৰ্শিত হ'ব Busan International Film Festival ত