/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-18/8dswivh7/544db40f-9e1f-4883-9b5f-3a7e7e2f5abb.jpg)
ডিজিটেল সংবাদ,শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান নিৰাপত্তা বাহিনীৰ। বিষ্ণুপুৰ জিলাৰ ৱাংগো নাওডাখং পাহাৰি এলেকাত অভিযান চলাই অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ।
অভিযানত এটা 9 mm Colt Machine Gun (CMG), এটা 9 mm Pistol, দুটা 9 mm মেগজিন, এটা দেশত নিৰ্মিত পিস্তল , দুটা হেণ্ড গ্ৰেণেড, এটা মৰ্টাৰ HE বোমা, এটা ILL বোমা আৰু ৩০ টা সক্ৰিয় গুলি জব্দ কৰা হয়।
Also Read: অজিৎ বৰুৱা এজন শ্ৰুতকীৰ্তি মহামান্য আধুনিক অসমীয়া কবিঃ নৱম অজিৎ বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন...