কৰ্মচাৰী পৰিষদৰ শিলচৰ অধিৱেশনৰ সফল সমাপ্তি…

কৰ্মচাৰী পৰিষদৰ শিলচৰ অধিৱেশনৰ সফল সমাপ্তি…

author-image
asomiyapratidin
New Update
কৰ্মচাৰী পৰিষদৰ শিলচৰ অধিৱেশনৰ সফল সমাপ্তি…

ডিজিটেল ডেস্কঃ ৰাজ্যিক চৰকাৰী কৰ্মচাৰী শিক্ষক বিষয়া তথা শ্রমিকসকলৰ একামাত্র যৌথ সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ সংখ্যক শিলচৰ অধিবেশন যোৱা ২৭ আৰু ২৮ আগষ্টত শিলচৰ জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত ৰাজীৱ ভবন প্রাংগনত গাম্ভীর্যপূর্ণ পৰিবেশত সম্পন্ন হৈ যায়। ৰাজ্যখনৰ ৫২ খন জিলা কৰ্মচাৰী পৰিষদ আৰু অর্ধ শতাধিক সন্থা সংঘৰ প্ৰায় ৮০০ প্রতিনিধি আৰু পাছ শতাধিক দর্শক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা অধিবেশনৰ প্ৰথম দিনটোত অন্তিমখন কেন্দ্রীয় কার্যনির্বাহক সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ হিচাপ নিকাচৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ লগতে আগন্তুক ২২-২৩ বৰ্ষৰ বাবে বাজেট গ্ৰহণ কৰে।

তাৰ পিছতে পৰিষদৰ সভাপতি প্রদীপ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত পৰিষদৰ দুবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে ভাৰপ্ৰাপ্ত সম্পাদক প্রধান শ্যামন্ত দাসে। কাছাৰ জিলাৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাই আদৰণি ভাষণ আগবঢ়ায়।

সভাত কৰ্মচাৰী পৰিষদৰ দাবী সন্দৰ্ভত বিশেষকৈ বিনামুলীয়া চিকিৎসা সেৱা আঁচনি, মুখ্যমন্ত্ৰী কৰ্মচাৰী আৰোগ্য যোজনা, নতুন পেঞ্চন আঁচনি বাতিল পুৰণা পেঞ্চন ব্যৱস্থা বাহাল শিক্ষকৰ আৰ্জিত ছুটি, প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি, ফিক্স টি এ আদায়, দ্বিতীয় তৃতীয় শ্ৰেণীৰ পৰা গণিট আৰু বিজ্ঞান বিষয় ইংৰাজীত পাঠ দান আদি সমস্যাক লৈ প্রতিনিধিসকলে সভা গৃহ উত্তপ্ত কৰে। অৱশ্যে কেন্দ্রীয় সমিতিৰ ফালৰ পৰা ৰখা বক্তব্যত প্ৰতিনিধিসকল আসস্ত হয়।

অধিবেশনৰ দ্বিতীয় দিনা সভাপতি প্রদীপ দত্তই সদৌ অসম কৰ্মচাৰী পৰিষদৰ পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে। ছবৰীয়া গণ আন্দোলনত প্ৰাণ আহুতি দিয়া ছহিদৰ স্মৃতিত ছহিদ বেদীত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে অভ্যর্থনা সমিতি সভাপতি কৃষ্ণেন্দু ৰয় আৰু উপদেষ্টা পান্না পালে।

সাধাৰণ সভাৰ অন্তিম বৈঠকত অভ্যর্থনা সমিতিয়ে প্রকাশ কৰি উলিওৱা কলংপা উম্মোচন কৰে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিশ্বতোষ চৌধুৰীয়ে। উক্ত বৈঠকতে আগন্তুক দুটা বছৰৰ কেন্দ্ৰীয় সমিতি গঠনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত সভাপতি পদৰ বাবে দ্বিপেন শৰ্মা আৰু বিজয় কৃষ্ণ দত্ত, সম্পাদক প্ৰধানৰ বাবে দিলীপ কলিতা আৰু খগেন মহন্তৰ মাজত হোৱা নিৰ্বাচনত সভাপতি দ্বীপেন শৰ্মা আৰু দিলীপ কলিতাই বিপুল ভোটৰ ব্যৱধানত নিৰ্বাচিত হয়।

উপ-সভাপতি পদৰ বাবে ৯ গৰাকী আৰু যুটীয়া সম্পাদকৰ বাবে ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা আগবঢ়ায়। নিশা ১০ বজাত সম্পূৰ্ণ হোৱা ভোট গনণাৰ অন্তত উপ-সভাপতি শ্যামন্ত দাস, ৰুহুল আমিন, প্রদীপ ৰাজখোৱা, শৰৎ দাস যুটীয়া সম্পাদক মনোজ লহকৰ, উৎপল দাস, পংকজ বর্মন, প্রসন্ন বৰুৱা নির্বাচিত হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আগন্তুক ২০২২-২৪ বৰ্ষৰ বাবে ১৮০ জনীয়া এখন পূর্ণাংগ কমিটি গঠন কৰা হয়।