১ মিনিটত ১ লাখ বাৰ ঘূৰিব পৰা মটৰ: নগাঁৱৰ জীয়ৰিৰ সফলতা

নগাঁৱৰ এগৰাকী জীয়ৰিয়ে বিজ্ঞানৰ উদ্ভাৱনৰ ক্ষেত্ৰত দেখুৱাইছে সফলতা ৷ নবতম এই উদ্ভাৱনে বিশ্বৰ সমাজৰ চকু নিবদ্ধ কৰিবলৈ সক্ষম হৈছে ৷ নগঁঞা সন্তানৰ নবতম উদ্ভাৱন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷

author-image
Asomiya Pratidin
New Update
১ মিনিটত ১ লাখ বাৰ ঘূৰিব পৰা মটৰ: নগাঁৱৰ জীয়ৰিৰ সফলতা

nagaon girl

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ এগৰাকী জীয়ৰিয়ে বিজ্ঞানৰ উদ্ভাৱনৰ ক্ষেত্ৰত দেখুৱাইছে সফলতা ৷ নবতম এই উদ্ভাৱনে বিশ্বৰ সমাজৰ চকু নিবদ্ধ কৰিবলৈ সক্ষম হৈছে ৷ নগঁঞা সন্তানৰ নবতম উদ্ভাৱন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷

নগাঁৱৰ ফৌজদাৰীপট্টিৰ এই জীয়ৰিগৰাকীৰ নাম হৈছে ড° ৰুকমী দত্ত ৷ বৈবাহিক সুত্ৰে যোৰহাটৰ বোৱাৰী ৷ বৰ্তমান অষ্টেলিয়াৰ ছিডনীৰ ইউনিভাৰ্ছিটি অব নিউ ছাউথ ৱেলছত কৰ্মৰত হৈ আছে ড° ৰুকমী দত্ত ৷ দত্ত ইউনিভাৰ্ছিটিখনৰ সহযোগী অধ্যাপিকা ৷

ড° দত্তই উদ্ভাৱন কৰিছে এক মিনিটত এক লাখ বাৰ ঘূৰিব পৰা এটি মটৰ ৷ ১২০ বাৰ বিভিন্ন আৰ্হিত ইয়াক প্ৰস্তত কৰিবলৈ অহৰহ চেষ্টা কৰাৰ অন্তত চূড়ান্ত ৰূপ দিয়া হৈছে ৷ ইন্টেৰিঅ’ৰ পাৰমানেন্ট মেগনেট ছিনক্ৰনাছ চমুকৈ আই পি এম এছ শ্ৰেণীৰ নতুনকৈ উদ্ভাৱন কৰা মটৰটোয়ে বিদ্যুতৰ জৰিয়তে চলোৱা বাহনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব ৷

অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ ইউনিভাৰ্ছিটিৰ বৈদ্যুতিক-টেলিসংযোগ বিভাগে ইতিমধ্যে এই নবতম উদ্ভাৱনৰ বিষয়ে বিশ্ববাসীক অবগত কৰিছে ৷ বৰ্তমান বিশ্বত যিসমূহ মটৰ ব্যৱহাৰ হৈ আছে সেই মটৰ সমূহতকৈ ই দুগুন অধিক ক্ষমতাসম্পন্ন ৷ এই মটৰটো অতি উচ্চ ঘনত্বৰ চলন শক্তি উৎপাদন কৰিব পৰা ক্ষমতাসম্পন্ন ৷ বিদ্যুত চালিত বাহনৰ বাহিৰেও তাপ উৎপাদন , শীত তাপ নিয়ন্ত্ৰন , বায়ু নিষ্কাষন , বিমান পৰিবহন , ৰবট নিৰ্মান আদিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যাব এই মটৰটো ৷

বৰ্তমান অষ্ট্ৰেলিয়াত কৰ্মৰত ড° ৰুকমি দত্তৰ পিতৃ নগাঁও ডচন বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৷ উচ্চত্বৰ মাধ্যমিকলৈকে নগাঁৱতে অধ্যয়ন কৰা ড° ৰুকমীয়ে গুৱাহাটী ইঞ্জিনিয়াৰিঙ কলেজৰ পৰা উত্তীৰ্ণ হৈ পৰবৰ্তী সময়ত ছিডনীৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰিছিল ৷ ড° ৰুকমী ৰ নবতম উদ্ভৱনৰ সহযোগী আছিল তেওঁৰে সহযোগী ছাত্ৰ ড° গোয়ু শ্বুয়ে৷ নগাঁৱৰ জীয়ৰি ৰুকমী দত্তৰ এই সফলতাক লৈ উৎফুল্লিত নগাঁও বাসী ৷

nagaon assam