নকল সোণৰ নাও নৈশ বাছত গুৱাহাটীলৈ আনি থাকোতেই জালত পৰিল গহপুৰ-হাৱাজান আৰক্ষীৰ..

নকল সোণৰ নাওঁ নৈশ বাছত গুৱাহাটীলৈ আনি থাকোতেই জালত পৰিল গহপুৰ-হাৱাজান আৰক্ষীৰ..

author-image
Asomiya Pratidin
New Update
নকল সোণৰ নাও নৈশ বাছত গুৱাহাটীলৈ আনি থাকোতেই জালত পৰিল গহপুৰ-হাৱাজান আৰক্ষীৰ..

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষী চকীৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন নৈশ বাছৰ পৰা ছখন নকল নাও জব্দ কৰাৰ লগতে চাৰি জন নকল সোণ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

Advertisment

এক গোপন সূত্রৰ পম খেদি গহপুৰ মহকুমা আৰক্ষী বিষয়া আৰু হাৱাজান আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল অভিযান। নৈশ বাছখন লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা নৈশ বাছখনত বঙালমৰাৰ পৰা নকল সোণখিনি ধৃত অসাধু লোক কেইজনে কঢ়িয়াই আনিছিল বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ। চাৰিজন নকল সোণৰ ব্যৱসায়ীক হাৱাজান আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে।

Also Read: মনু ভাকৰেক ১০লাখ টকাৰ চেক, ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে...

গুৱাহাটী