
ডিজিটেল সংবাদ, ঢকুৱাখনা: গ্ৰাহকক বিত্তীয় ঋণ প্ৰদান কৰা মাহিন্দ্ৰা ফাইনেন্সৰ ঢকুৱাখনা শাখাত সংঘটিত হৈছে এক বৃহৎ বিত্তীয় কেলেংকাৰী । ঢকুৱাখনা আৰু ঘিলামৰাৰ গৰিষ্ঠ সংখ্যক ঋণী গ্ৰাহকৰ সঞ্চিত পুঁজি গোগ্ৰাখে উদৰস্থ কৰি আত্মগোপন কৰিছে কোম্পানীটোৰ "চে'লছ এক্সিকিউটিভ" এজনে ।
নাম শুভংকৰ কেউট । ঘৰ লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত মাউতচুক বৰমুৰীয়াত। এইজন অৰ্থলোভী মাহিন্দ্ৰ ফাইনাঞ্চৰ ঢকুৱাখনা শাখাৰ "চে'লছ এক্সিকিউটিভ"য়ে মহকুমাটোৰ বহুসংখ্যক ঋণী ব্যক্তিৰ পৰা মাহিলি দেয়ক আৰু "চেটেলমেণ্ট" কৰাৰ বিপৰীতে লাখ লাখ টকা সংগ্ৰহ কৰিছিল । ঋণী সকলৰ ঘৰে ঘৰে উপস্থিত হৈ এইজন কোম্পানীৰ জ্যেষ্ঠ কৰ্মচাৰীয়ে ঋণী সকলৰ পৰা কোম্পানীৰ প্ৰাপ্য ই এম আইৰ কিস্তি , ঋণৰ স্থায়ী "চেটেলমেণ্ট" কৰি দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল ।
বিত্তীয় কোম্পানীটোৰ এগৰাকী কৰ্তৃত্বশীল আৰু পৰিচিত জ্যেষ্ঠ কৰ্মচাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত শুভংকৰ কেওটে বিচৰা ধৰণে ঋণী গ্ৰাহক সকলে ১০,২০ হাজাৰ টকাৰ পৰা ৭-৮ লাখ টকা পৰ্যন্ত টকা মাহেকীয়া কিস্তি আৰু "চেটেলমেণ্ট" শিতানত আদায় দিছিল । ঢকুৱাখনা নগৰত এটা বিভাগীয় কাৰ্য্যালয় খুলি গ্ৰাহকৰ পৰা এনেদৰে লাখ লাখ টকা সংগ্ৰহ কৰি কৌশল পূৰ্ণ ভাবে কোনো ধন প্ৰাপ্তি ৰছিদ প্ৰদান কৰা নাছিল ।
ঋণী সকলক এই "ধন প্ৰাপ্তি ৰচিদ " (মানি ৰিচিপ্ত) শাখা কাৰ্যালয়ত উপলব্ধ নোহোৱা বুলি জানিবলৈ দিয়াত বিশ্বাসৰ ভিত্তিত ঋণী সকলে নিজ নিজ ঋণৰ পুঁজি জমা দিছিল কৰ্মচাৰীজনৰ হাতত।
কিন্তু এইটো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণী গ্ৰাহকৰ ঋণ পৰিশোধ কৰাৰ নামত বিগত সময়ত বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰি হঠাৎ এই কৰ্মচাৰীৰূপী দালালটোৱে জুন মাহৰ শেষত কোম্পানী এৰি যোৱাৰ পাছতে এই ভয়ংকৰ ঠগবাজি আৰু লুণ্ঠনৰ তথ্য ফাদিল হয়। ঢকুৱাখনা মহকুমাৰ অৰ্ধ শতাধিক ঋণী গ্ৰাহকৰ মূৰত মাধমাৰ সোধাই লাখ লাখ টকা কুক্ষীগত কৰি পৰিশেষত ফাইনাঞ্চ কোম্পানীটোকে এৰি যোৱা এই দালাল কৰ্মচাৰীটোৰ লুন্ঠনকাৰী চৰিত্ৰৰ বাবে এতিয়া হাঁহাকাৰ লাগিছে ঋণী সকলৰ মাজত।
ফাইনেন্স কোম্পানীটোৰ এই দায়িত্বশীল পদৰ পৰা আকস্মিক ভাবে আঁতৰি যোৱাৰ পৰৱৰ্তী সময়ত ঋণী সকলে প্ৰাপ্য ৰচিদ বিচাৰি কৰ্মচাৰী গৰাকীক যোগাযোগ কৰি ব্যৰ্থ হোৱাত বিষয়টো লখিমপুৰস্থিত ক্ষেত্ৰীয় কাৰ্য্যালয়ত অৱগত কৰে । ঋণ চেটেলমেণ্ট কৰি ঋণমুক্ত প্ৰমাণ পত্ৰ দিয়া , ঋণৰ মাহেকীয়া আৰু বকেয়া কিস্তি সংগ্ৰহ কৰাৰ নামত প্ৰাৰম্ভিক স্তৰত প্ৰায় ১২ গৰাকী ঋণীৰ পৰা প্ৰায় ২১ লাখ টকা সংগ্ৰহ কৰিছিল। কিন্তু এয়া বিভাগত জমা নিদি উদৰস্থ কৰাৰ বৃহৎ কেলেংকাৰী সন্দৰ্ভত লখিমপুৰ কাৰ্য্যালয়ত অৱগত কৰাৰ পাছত প্ৰথমাৱস্থাত কোম্পানীটোৰ ক্ষেত্ৰীয় প্ৰবন্ধক গৰাকীয়ে স্পৰ্শকাতৰ বিষয়টোৰ পৰা দায়িত্ব এৰাই চলিব বিচাৰে ।
কিন্তু গ্ৰাহক সকলৰ বিধিগত হেঁচাত সৈমান হৈ এই বিষয়ত বিহীত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে ।অন্যহাতে একাংশ ভুক্তভোগী গ্ৰাহকে কৰ্মচাৰীজনক ফোনযোগে যোগাযোগৰ অশেষ চেষ্টা চলাই বিমুখ হৈ লখিমপুৰস্থিত বাসগৃহত উপস্থিত হয়। মহকুমাটোৰ বহু সংখ্যক গ্ৰাহকৰ পৰা প্ৰবঞ্চনা কৰি ফাঁকি দি লাখ লাখ টকা কুক্ষীগত কৰি ঘৰত আত্মগোপন কৰা কেওত আৰু পিতৃক লগ ধৰি একাংশ ভুক্তভোগীয়ে এনে দুষ্কাৰ্যৰ বাবে জবাবদিহি কৰে।
পুত্ৰৰ কুকৃতি জানিব পাৰি এখন চুক্তি পত্ৰত স্বাক্ষৰ কৰি কেওতে এমাহৰ ভিতৰত এই সকল ভুক্তভোগীৰ পুঁজি উভতাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে। ইপিনে মহকুমাটোৰগৰিষ্ঠ সংখ্যক ভুক্তভোগীৰ এই লুণ্ঠন ৰাজ সন্দৰ্ভত অজ্ঞাত হৈ থকাৰ খবৰ পোৱা গৈছে। ভুক্তভোগী ঋণী একাংশই জনোৱা মতে মহকুমাটোত অৰ্ধ শতাধিক এনে প্ৰবঞ্চিত ঋণী আছে যদিও সেইসকলে এই ভয়াবহ লুণ্ঠন সন্দৰ্ভত জ্ঞাত হোৱা নাই । যেতিয়া মাহেকীয়া কিস্তি নিদিয়াৰ বাবে কোম্পানীৰ জাননী জাৰি হ'ব তেতিয়াহে ধুৰন্ধৰ কেওতৰ সমস্ত লুণ্ঠনৰ বেহাখন পোহৰলৈ আহিব।
ইপিনে মহিন্দ্ৰা বিত্তীয় কোম্পানীৰ এগৰাকী দায়িত্বশীল কৰ্মচাৰীয়ে সংঘটিত কৰা এই গ্ৰাহকক লুণ্ঠনৰ নিকৃষ্ট ফন্দিত লখিমপুৰস্থিত কাৰ্যালয়ৰ এক চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ভুক্তভোগীৰ মুখেৰে । এই চক্ৰটোৰ আশীৰ্বাদপুষ্ট হৈ এইগৰাকী জ্যেষ্ঠ কৰ্মচাৰীয়ে এই ভয়াবহ কেলেংকাৰী সংঘটিত কৰি অহা বুলি সৰ্বত্ৰ চৰ্চা চলিছে।
গ্ৰাহকক কৌশলী প্ৰলোভনেৰে ঋণ দি পৰৱৰ্তী সময়ত কিস্তিৰ ধন আদায় দিয়াৰ পাছতো জমা নকৰা কৰ্মচাৰীজনৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ নকৰা ক্ষেত্ৰীয় কাৰ্য্যালয়ে যদি এইসকল ভুক্তভোগীৰ আদায় দিয়া পুঁজি উভতাই নিদিয়ে বা জমা নকৰে তেন্তে অনাগত সময়ত ঢকুৱাখনা কাৰ্যালয়ত প্ৰৱঞ্চিতই তলা ওলমাই দিয়াৰ লগতে মহিন্দ্ৰাৰ কোনো কৰ্মচাৰী কিস্তি সংগ্ৰহ কৰিবলৈ আহিলে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হব লগা হোৱাৰেই ইংগিত পোৱা গ'ল।