অৱশেষত নিলম্বিত হ'ল বনকৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া

অৱশেষত নিলম্বিত হ'ল বনকৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া

ডিজিটেল ডেস্কঃ বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱা শুভলক্ষী দত্তক অৱশেষত নিলম্বন কৰে বিভাগীয় কৰ্তৃপক্ষই। গাত উতলা গৰম পানী ঢালি, বাথৰুমত ভৰাই বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাইছিল আৰক্ষী বিষয়া শুভলক্ষী দত্তই। এই ঘটনাৰ সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ভুক্তভোগী মহিলা লখিমপুৰৰ অনিমা প্ৰজা।

ঘটনাই ৰাজ্যতে সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ পাছতো শুভলক্ষী দত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষী প্ৰশাসনে। ইয়াৰ পাছতে বুধবাৰৰ দিনটোত আৰক্ষী সঞ্চালক প্ৰধানে হেড কোৱাটাৰ ক্ল'জ কৰিছিল বিষয়াগৰাকীৰ। আৰু অৱশেষত বুধবাৰৰ সন্ধিয়া চাকৰিৰ পৰা নিলম্বন কৰা হয় শুভলক্ষী দত্তক।

উল্লেখ্য যে শুভলক্ষী দত্ত আছিল চৰাইদেউৰ এ এছ পি। নাজিৰাস্থিত নিজ বাসগৃহত বন কৰা মহিলাগৰাকীক নিৰ্যাতন চলাইছিল শুভলক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ৩৬/২০২৩ নম্বৰত ৰুজু হৈছিল গোচৰ।

অৱশেষত নিলম্বিত হ'ল বনকৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া
কৃষি, কৃষিভূমি, কৃষকক ৰক্ষাৰ দাবীত ৰাজ্যিক কৃষক অভিৱৰ্তন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in