শুভলক্ষ্মী দত্তৰ গোচৰ: ৩ আটছা নেতাক বহিষ্কাৰ

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ গোচৰৰ নতুন মোৰ। ভুক্তভোগীক গোচৰ উঠাই ল’বলৈ ব্লেকমেইলিং কৰা ৩ আটছা নেতাক বহিষ্কাৰ।

author-image
Asomiya Pratidin
New Update
 শুভলক্ষ্মী দত্তৰ গোচৰ:  ৩ আটছা নেতাক বহিষ্কাৰ

ডিজিটেল ডেস্কঃ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ গোচৰৰ নতুন মোৰ। ভুক্তভোগীক গোচৰ উঠাই ল’বলৈ ব্লেকমেইলিং কৰা ৩ আটছা নেতাক বহিষ্কাৰ।

Advertisment

আটছাৰ শিৱসাগৰৰ ভাৰপ্রাপ্ত সম্পাদক মুন ৰাজোৱাৰ , জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ কৰ্মকাৰ, নাজিৰা শাখা সমিতিৰ উপ সভাপতি দিগন্ত কুৰ্মীক বহিষ্কাৰ কৰা হয়।অভিযোগ অনুসৰি শুভলক্ষ্মী দত্তৰ পৰা ধন লৈ গোচৰ প্রত্যাহাৰৰ চেষ্টা চলাইছিল আটছাৰ ৩ নেতাই।

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ। বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱাৰ বাবে গোচৰ ৰুজু কৰিছে শুভলক্ষ্মীৰ বিৰুদ্ধে। প্ৰথম অৱস্থাক শুভলক্ষ্মীক হেডকোৱাৰ্টাৰ ক্ল'জ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱণা আছিল শুভলক্ষ্মীক। কিন্তু মঙলবাৰৰ পৰা পলাতক অৱস্থাত আছে শুভলক্ষ্মী। এতিয়ালৈকে আৰক্ষীয়ে বিচাৰি পোৱা নাই অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক।

Also Read: ২৪ ঘণ্টাত ১ কোটি গছপুলি ৰোপণেৰে অসমে গঢ়িব বিশ্ব ৰেকৰ্ড

Assam police