গহপুৰৰ বান বিধ্বস্ত ঠাই পৰিদৰ্শনকালত অসুস্থ মহকুমাধিপতি লুকুমণি বৰা

গহপুৰৰ বান বিধ্বস্ত ঠাই পৰিদৰ্শনকালত হঠাতে অসুস্থ মহকুমাধিপতি লুকুমণি বৰা

author-image
Asomiya Pratidin
New Update
গহপুৰৰ বান বিধ্বস্ত ঠাই পৰিদৰ্শনকালত অসুস্থ মহকুমাধিপতি লুকুমণি বৰা

ডিজিটেল সংবাদ, ছয়দুৱাৰ :হঠাৎ অসুস্থ হৈ পৰিছে অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা। জানিব পৰামতে,বৃহস্পতিবাৰে গহপুৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহিছিল এটা Inter Ministerial Central Team(IMCT)।

Advertisment

উক্ত দলটোৱে গহপুৰ মহকুমাৰ বিভিন্ন বান বিধ্বস্ত ঠাই পৰিদৰ্শন কৰাৰ শেষত উপস্থিত হৈছিল ছত্ৰং নৈৰ ভগ্ন মথাউৰিত। দলটোৰ সৈতে সংগ দি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিছিল মহকুমাধিপতি লুকুমণি বৰাই।

দলটোৰ সৈতে ডুবিয়া আৰু পাকেনৰ পিছত ছত্ৰং নৈৰ মথাউৰিৰ পৰিদৰ্শন কৰি থকা সময়ত সন্ধিয়া প্ৰায় ৫-৩০ বজাত হঠাৎ মূৰ ঘূৰাই ঢলি পৰে মহকুমাধিপতি লুকুমণি বৰা। পিচত তেওঁক লগে লগে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয়।

উক্ত চিকিৎসালয়তে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিচত সন্ধিয়া প্ৰায় ৭ বজাত উন্নত চিকিৎসাৰ বাবে তেজপুৰৰ টাইমছ হস্পিতাললৈ লৈ যোৱা হয়। ১০৮ সেৱাৰ সহায়ত অক্সিজেন দি তেজপুৰলৈ যোৱা লুকুমণি বৰা সম্প্ৰতি বিপদমুক্ত যদিও উন্নত চিকিৎসাৰ প্ৰয়োজন আছে বুলি চিকিৎসকে মন্তব্য কৰিছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ দলটো অহাৰ বাবেই মহকুমাধিপতি বৰাই নৰিয়া দেহাৰেই অঞ্চল পৰিদৰ্শন কৰিবলৈ আহিছিল।ইফালে গহপুৰবাসী ৰাইজে তেওঁৰ আশুআৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।

Also Read: যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত ১০ আগষ্টৰ পৰা য়ুথ ফুটবল লীগ

gohpur sub-divisional magistrate