বিপদত বাইদেউ: ছাত্ৰীক উঠা-বহা কৰি শাস্তি দিয়া অধ্য়াপিকাৰ বিৰুদ্ধে ল’ব ব্যৱস্থা…

বিপদত বাইদেউ: ছাত্ৰীক উঠা-বহা কৰি শাস্তি দিয়া অধ্য়াপিকাৰ বিৰুদ্ধে ল’ব ব্যৱস্থা…

author-image
asomiyapratidin
New Update
বিপদত বাইদেউ: ছাত্ৰীক উঠা-বহা কৰি শাস্তি দিয়া  অধ্য়াপিকাৰ বিৰুদ্ধে ল’ব ব্যৱস্থা…

ডিজিটেল ডেস্ক: ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা ভিডিঅ'। ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ চৌহদত এগৰাকী ছাত্ৰীক এগৰাকী অধ্যাপিকাই কাণত ধৰি উঠা বহা কৰিবলৈ দিয়া এই ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এটা হোৱাটচএপ গ্ৰুপত ছাত্ৰী গৰাকীয়ে অধ্য়াপিকা গৰাকীৰ মৃত পিতৃক লৈ কৰা মন্তব্যৰ বাবে এইদৰে ছাত্ৰী গৰাকীক শাস্তি বিহাৰ লগতে অধ্য়াপিকা গৰাকীয়েও ছাত্ৰী গৰাকীক উদ্দেশ্য়ি গালি বৰ্ষণ কৰিছিল।

Advertisment

বাঘৰ নেগুৰে কাণ খজুৱাইছে বুলি ছাত্ৰী গৰাকীক হুমুকি দিয়াৰ লগতে এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছত ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধ্যাপিকা গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক সূত্ৰই সদৰি কৰা মতে জয়শ্ৰী দাস নামৰ অধ্যাপিকা গৰাকীক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। উল্লেখ্য যে, ছাত্ৰী গৰাকীক তেওঁ কৰা ভুলৰ বাবে এনেদৰে শাস্তি প্ৰদান কৰি সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাক লৈ বিভিন্ন জনে অধ্যাপিকা গৰাকীক সমালোচনা কৰিছিল।

viral video social media assam