JEE ত সফলতা লাভ কৰা শিক্ষাৰ্থীক সন্দীপনি বিদ্যামন্দিৰত সম্বৰ্ধনা

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান সন্দীপনি বিদ্যামন্দিৰত এই সম্বৰ্ধনা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
JEE ত সফলতা লাভ কৰা শিক্ষাৰ্থীক সন্দীপনি বিদ্যামন্দিৰত সম্বৰ্ধনা

NOGAON NOGAON

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান সন্দীপনি বিদ্যামন্দিৰত এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰবেশ পৰীক্ষাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰিণ ভৰদ্বাজ (৫৭৫), সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰবেশ পৰীক্ষাত (JEE) শ্বেদান্ত কাকতি আৰু অসম ইঞ্জিনিয়াৰিং প্ৰবেশ পৰীক্ষাত ক্ৰমে তুষাৰ ৰঞ্জন শইকীয়া,ঋষভ বৰা,জ্যোতিৰ্ময় গাঙ্গুলীয়ে সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে বিদ্যালয়ৰ সভাপতি ভাৰত চন্দ্ৰ গোস্বামী, চেয়াৰমেন যুক্তি নাথ খাউণ্ডৰ উপস্থিতিত বিদ্যালয়ৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু এটা জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

Advertisment

সম্বৰ্ধনা অনুষ্ঠানত অধ্যক্ষ, উপাধ্যক্ষৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

assam NOGAON JEE