/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/student.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়াঃ জটিল ৰোগত আক্ৰান্ত নগাঁও জিলাৰ বেবেজীয়াৰ পৰা তিনি কিলোমিটাৰ নিলগৰ খালৈগাঁৱৰ এগৰাকী ছাত্ৰী। ছাত্ৰী গৰাকীৰ নাম গীতাশ্রী লাহন। ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈ হাতীচোং মহাবিদ্যালয়ত স্নাতকোত্তৰৰ বাবে নামভৰ্ত্তি কৰিছিল ছাত্ৰী গৰাকীয়ে।
পঢ়াৰ প্ৰতি প্ৰবল ধাউতি থকা ছাত্ৰী গৰাকীয়ে ৰোগৰ বাবে বৰ্তমানলৈকে যাব পৰা মহাবিদ্যালয়লৈ। বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত তথা খালৈগাৱঁৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীৰ ভৰিত হৈছে এই জটিল ৰোগটো। ছয়মাহ পূৰ্বে ভৰিত মোচোকা খোৱাৰ পাছতেই আৰম্ভ হয় এই ৰোগটো।
নগাঁৱৰ চিকিৎসালয়ত ৰোগটো ধৰা নপৰাৰ বাবে গুৱাহাটীলৈ লৈ যায় ছাত্ৰী গৰাকীক। গুৱাহাটীৰ চিকিৎসালয়ত ভৰিত টিউমাৰ হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে এবাৰ অপাৰেচন কৰে যদিও বৰ্তমানলৈকে ভাল হোৱা নাই ৰোগতো।
খেতি-বাতি কৰি কোনোমতে পত্নী সহ ছয় গৰাকী কন্যা সন্তানক কোনোমতে ভৰণ- পোষণ দি অহা দেউতাক প্ৰদীপ লাহনৰো ছয়মাহ পূৰ্বে মৃত্যু হয়। বৰ্তমান সাতজনীয়া পৰিয়ালটোৰ ডাঙৰ ছোৱালী মনিকা লাহনে এটা ব্যক্তিগত খণ্ডত চাকৰি কৰি ভনীয়েক গৰাকীৰ চিকিৎসাৰ নামত বহু টকা খৰচ কৰি উপায়ন্তৰ হৈ পৰিছে।
গুৱাহাটীৰ চিকিৎসালয়ৰ চিকিৎসকৰ মতে ভৰি খন কাটি দিলেহে ছাত্ৰী গৰাকীৰ এই জটিল ৰোগৰ পৰা মুক্ত হ'ব। অন্যথা এই ৰোগটোৱে সমগ্ৰ শৰীৰলৈ বিয়পিব পাৰে, ভৰিখন নকটাকৈ অপাৰেচন কৰিবলৈও বহু টকাৰ প্ৰয়োজন। গাওঁ খনৰ কণ কণ লৰা-ছোৱালী কেইটামানে গাৱঁৰ ঘৰে ঘৰে গৈ ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহ কৰিছে যদিও উপায়ন্তৰ হৈ পৰিয়ালটিয়ে এতিয়া মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত তথা হৃদয়বান লোকৰ সহায় বিচাৰিছে।
কোনো সদাশয় লোকে যদি সহায় কৰিব বিচাৰে ছাত্ৰী গৰাকীৰ মাতৃৰ একাউণ্টত সহায় কৰিব পাৰে BANK: STATE BANK OF INDIA, NAME: BINITA LAHAN, A/C NO- 36364075895, IFSC: SBIN0002103, MOBILE NUMBER: 6009989776.