/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/52c043cf-2cb5-4a8e-85fd-29ea76a4b212/140.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়াত কোচ ৰাজবংশীসকলৰ বহু ইতিহাস আছে। অকল ইতিহাসেই নহয় কোচ ৰাজবংশীৰ ইতিবৃত্ত আমি সকলোৱে জানো, যি ইতিহাস তামুলপুৰ থানাকে ধৰি বহু উদাহৰণ আছে- এই মন্তব্য ড° ৰবীন দাসৰ।
দেওবাৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় উপ সভাপতি ড° ৰবীন দাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ef8e05ea-6c75-4934-af04-d4bb1d711ceb/fcce9f14-61b0-4c35-a48c-d5429487de61.jpg)
দিনৰ ১০ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰমনী ৰাজবংশীয়ে কোচ ৰাজবংশীক জনজাতিকৰণ তথা অনাগত দিনত বিভিন্ন ধৰণৰ জাতিটোৰ হৈ গঠনমূলক কাৰ্যকলাপ কোচ ৰাজবংশী ইতিহাস সমৃদ্ধ চিন্তা,যোগাসন কৰ্মশালা ইত্যাদি সুচাৰুৰূপে আগবাঢ়ি লৈ যাব বুলি প্ৰাস্তৱিক ভাষণত প্ৰদান কৰে।
ইফালে ৰঙিয়া জিলা সন্মিলনীৰ তৰফৰ পৰা ডি ৱাই ৩৬৫ জ্যেষ্ঠ সাংবাদিক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড° কুমুদ দাসক কোচ ৰাজবংশী জনগোষ্ঠীৰ এখনি গামোচা, টুপী,কোট আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক দাসে জীৱনধাৰণৰ প্ৰণালী আৰু ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ce19f913-8d24-4c9e-a5ef-7b0ef601efeb/cfc88aa9-1ab3-4839-a4f7-9608e0f8ac43.jpg)
একেটা অনুষ্ঠানতে সমাজকৰ্মী অংকুৰ দাস আৰু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিমাজ্যোতি তালুকদাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ শৈক্ষিক বাতাবৰণ আৰু যোগাসনৰ জৰিয়তে অধ্যয়নত মনোনিবেশ কৰাৰ উপকাৰিতা সম্পৰ্কে আলোকপাত কৰে। কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকনৃত্যৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ৰঙিয়াৰ কেইবাটাও মৌজাৰ পৰা অহা হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৪০০ ৰো অধিক কোচ ৰাজবংশী ছাত্ৰ-ছাত্ৰীক এখনি জনগোষ্ঠীয় গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9760102f-78e4-4b2c-8648-db8df459defe/99c078f3-5b79-4b43-bc2f-968c8e740b0f.jpg)
সম্বৰ্ধনা অনুষ্ঠানত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি ভৰত ৰাজবংশী, সম্পাদক পৱিত্ৰ ৰাজবংশী, কোষাধ্যক্ষ সুনন্দ দাস, মহিলা কোচ ৰাজবংশী সন্মিলনীৰ নমিতা দাস,বসুমতী তালুকদাৰ, যুটীয়া সম্পাদক ৰবীন দাসকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি তথা কোচ ৰাজবংশীৰলোক উপস্থিত থাকে। মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ দলীয় নৃত্য আৰু বাৰেৰহণীয়া জনগোষ্ঠীয় লোকনৃত্যৰে সম্বৰ্ধনা অনুষ্ঠানৰ সামৰণি পৰে।
Also Read: পেৰিছ অলিম্পকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিলে শ্বুটাৰ মানু ভাকৰে