"মামা চকু মেলি চাওঁক আমালৈ..." মুখ্যমন্ত্ৰীলৈ কিয় এই কাতৰ অনুৰোধ কন কন ছাত্ৰ-ছাত্ৰীৰ

মামা আমাৰ বিদ্যালয়খন উন্নতমানৰে নিৰ্মান কৰি আমাক ভালকৈ পঢ়িবলৈ সুবিধা কৰি দিয়ক "
"মামা চকু মেলি চাওঁক আমালৈ..." মুখ্যমন্ত্ৰীলৈ কিয় এই কাতৰ অনুৰোধ কন কন ছাত্ৰ-ছাত্ৰীৰ

ডিজিটেল সংবাদ,লামডিঙঃ ৩৬ বছৰেও প্ৰাদেশিকীকৰণ নহ'ল লামডিঙৰ এখন উল্লেখযোগ্য বিদ্যালয়। পূৰ্বৰ লামডিং পঞ্চায়তৰ অন্তৰ্গত নতুন বস্তিত ১৯৮৬ চনতেই ৰামচন্দ্ৰ নৱজ্যোতি হিন্দী প্ৰাথমিক বিদ্যালয় নামেৰে বিদ্যালয়খন স্থাপন কৰা হৈছিল ।

বিগত প্ৰায় ৩৬ বছৰে চৰকাৰী সাহায্য তথা বিনা বেতনৰে প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক শিক্ষাদান দি আহিছে । গৰুৰ গোহালি সদৃশ ভঙা চিঙা উৱলি যোৱা জুপৰি সদৃশ ঘৰ এটাতে আছে প্ৰথমৰ পৰা পঞ্চম শ্ৰেনী লৈকে । বিগত বছৰবোৰত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই বিদ্যালয়খনৰ চৌহদত ইটা বালিৰে পকী শ্ৰেনীকোঠা নিৰ্মান কৰি দিছিল যদিও সেয়া বাস্তত সম্পূৰ্নভাৱে নিৰ্মিত নহ'ল বুলি জানিবলৈ দিয়ে।

চৰকাৰৰ প্ৰতি আক্ষেপ নকৰাকৈয়ে কন কন ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পোহৰ দি অহা প্ৰধান শিক্ষকগৰাকীয়ে নিজকে সৌভাগ্যৱান ক'ব নে দুৰ্ভাগ্যবান সেয়াও সাঁথৰ। বতাহ বৰষুণৰ দিনত দৰিদ্ৰ পৰিয়ালৰ পৰা অহা শিক্ষাৰ্থীসকলে বহু সমস্যাৰ সন্মূখীন হ'ব লগীয়া হৈছে ।

সংবাদ মাধ্যমৰ জড়িয়তে শিক্ষাৰ্থীসকলৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ "মামাই যেন চকু মেলি চাই আমালৈ । মামা আমাৰ বিদ্যালয়খন উন্নতমানৰে নিৰ্মান কৰি আমাক ভালকৈ পঢ়িবলৈ সুবিধা কৰি দিয়ক "

আনফালে অৱসৰৰ দিন চমু চাপি অহা প্ৰধান শিক্ষকগৰাকীও আশাবাদী তেওঁলোকৰ এই গাঁৱৰ বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে । চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত এই বিদ্যালয়ৰ যি পয়ালগা অৱস্থা সেয়া চৰকাৰ চকুত পৰিব নে বুলিও প্ৰশ্ন কৰে।

বাজেটত শিক্ষা বিভাগলৈ অহা সুখবৰে ঢুকি পাব নে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয়। চকুত হাজাৰ সপোন লৈ এই ছাত্ৰ ছাত্ৰীসকলে প্ৰাথমিক শিক্ষাগ্ৰহণ কৰা দৃশ্য দেখিলে সকলোৰে চকু সেমেকি উঠিব।

"মামা চকু মেলি চাওঁক আমালৈ..." মুখ্যমন্ত্ৰীলৈ কিয় এই কাতৰ অনুৰোধ কন কন ছাত্ৰ-ছাত্ৰীৰ
তেজপুৰত সেনাৰ শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ হত্যাৰ গোচৰত

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in