/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c4601c2c-cb32-4c20-a01e-8abe34591120/CHIRANG_07.jpg)
ডিজিটেল সংবাদ চিৰাং : চিৰাং জিলাৰ বিজনী মহকুমাৰ বিষ্ণুপুৰ বজাৰত বুধবাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে অভিযান চলাই চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি বিনষ্ট কৰে। ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ অভিযোগ আৰক্ষী আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি একাংশ সমাজ বিৰোধী লোকে বিষ্ণুপুৰ বজাৰ এলেকাত মুকলিকৈ চুলাই মদ বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰি আছিল ।
তাতকৈও গুৰুত্বপূৰ্ণ কথা যে চুলাই মদৰ ঘাটিৰ কাষতে অবস্থিত আছে বিষ্ণুপুৰ সমাজ কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয় । ফলস্বৰূপ এই চুলাই মদৰ ঘাটিৰ বাবে উক্ত স্থানে দি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে অহাযোৱা কৰাৰ সময়ত বিভিন্ন সময়ত মদাহী লোকৰ আতিশয্যৰ বলি হব লগাৰ নজিৰ আছে ।
এই সন্দৰ্ভত স্থানীয় প্ৰশাসনক জনোৱা হৈছিল যদিও তেওঁলোকে কোনোধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাত আজি বিষ্ণুপুৰ সমাজ কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক্ষুদ্ধ ছাত্ৰ ছাত্ৰী সকলে নিজেই উদ্যোগ গ্ৰহণ কৰি অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰে। পিছত ছাত্ৰ ছাত্ৰী সকলে জব্দকৃত চুলাই মদ খিনি বিনষ্ট কৰে।
উল্লেখ্য যে অবৈধ সুৰাৰ বিৰোদ্ধ অভিযান চলাবলৈ আবকাৰী বিভাগ থকাৰ পিছতে তেওঁলোকৰ নিষ্ক্ৰিয়তাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে এই অভিযান হাতত ল'বলগীয়া হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে স্থানীয় লোকে ছাত্ৰ-ছাত্ৰীৰ এই কাৰ্যক প্ৰশংসা কৰিছে।