পৰীক্ষাৰ ফলাফলত ব্যাপক বিসংগতিঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী শিক্ষাৰ্থীক আৰক্ষীৰ প্ৰহাৰ…

পৰীক্ষাৰ ফলাফলত ব্যাপক বিসংগতিঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী শিক্ষাৰ্থীক আৰক্ষীৰ প্ৰহাৰ…

author-image
asomiyapratidin
New Update
পৰীক্ষাৰ ফলাফলত ব্যাপক বিসংগতিঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী শিক্ষাৰ্থীক আৰক্ষীৰ প্ৰহাৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলে আজি বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। শেহতীয়াকৈ ঘোষণা কৰা বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ ফলাফলত বহু বিসংগতি হোৱাৰ বাবেই এই প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় ২ শতাধিক শিক্ষাৰ্থীয়ে।

Advertisment

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফলাফলত বিসংগতি কোনো নতুন কথা নহয়। প্ৰতিবাৰেই বিশ্ববিদ্যালয়ে ফলাফল দিয়াৰ সময়ত বহু বিসংগতিয়ে দেখা দিয়ে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলস্বৰূপে অতিষ্ঠ হৈ পৰিছে শিক্ষাৰ্থীসকল।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চম ষান্মাসিকৰ পৰীক্ষাত বহাৰ পিছতো বহু শিক্ষাৰ্থীক ঘোষিত ফলাফলত পৰীক্ষাত অনুপস্থিতি দেখুওৱাৰ লগতে উত্তীৰ্ণ হোৱাৰ নম্বৰ পোৱাৰ পিছতো অনুত্তীৰ্ণ হোৱা দেখুওৱা হৈছে। ইয়াৰোপৰি আন বহু বিসংগতি দেখা দিছে ঘোষণা কৰা ফলাফলত।

ইফালে বিশ্ববিদ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা উত্তাল প্ৰতিবাদৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰহাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত বহু কেইগৰাকী শিক্ষাৰ্থী আহত হৈছে। আহত শিক্ষাৰ্থীসকলৰ মাজত আছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতা। আহত হেমেন কলিতাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।