অধ্যক্ষক ধন নিদিয়াৰ বাবেই মেট্ৰিকত ফেইলঃ অধ্যক্ষৰ বিৰুদ্ধে হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদ শতাধিক শিক্ষাৰ্থী, অভিভাৱকৰ

অধ্যক্ষক ধন নিদিয়াৰ বাবেই মেট্ৰিকত ফেইলঃ অধ্যক্ষৰ বিৰুদ্ধে হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদ শতাধিক শিক্ষাৰ্থী, অভিভাৱকৰ

author-image
asomiyapratidin
New Update
অধ্যক্ষক ধন নিদিয়াৰ বাবেই মেট্ৰিকত ফেইলঃ অধ্যক্ষৰ বিৰুদ্ধে হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদ শতাধিক শিক্ষাৰ্থী, অভিভাৱকৰ

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে এইবাৰ ধন নিদিয়াৰ বাবেই প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফেইল কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে দক্ষিণ শালমাৰাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আমিনুল ইছলামৰ বিৰুদ্ধে।

Advertisment

আনহাতে মঙ্গলবাৰে দুপৰীয়া হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অধ্যক্ষ আমিনুল ইছলামৰ পুত্তলিকা দাহ কৰাৰ লগতে শিক্ষাৰ্থীসকলে হাতে হাতে প্লে' কাৰ্ড লৈ আমিনুল ইছলাম প্ৰিন্সিপাল হায় হায়, আমিনুল ইছলাম প্ৰিন্সিপাল গ' বেগ, আমিনুল ইছলামৰ দুৰ্নীতি নচলিব আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষাৰ্থীসকলৰ এই প্ৰতিবাদত যোদ দিয়ে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলেও।

জানিব পৰা মতে, উক্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰায় ১৭৬ গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অৱতীৰ্ণ হৈছিল যদিও ধন নিদিয়াৰ বাবে অধ্যক্ষ আমিনুল ইছলাম আৰু কম্পিউটাৰ শিক্ষক জিয়াউৰ ৰহমানে শতাধিক ছাত্ৰ-ছাত্ৰীক ফেইল কৰাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে এই গোটেই বিষয়টোৰ সন্দৰ্ভত সঠিক তদন্ত কৰি অধ্যক্ষ আমিনুল ইছলাম আৰু কম্পিউটাৰ শিক্ষক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে আইনগত বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে ছাত্ৰ-ছাত্ৰী আৰু স্হানীয় ৰাইজে।

লক্ষ্যণীয় যে, কোৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নকৰাৰ অন্তত প্ৰতিখন স্কুলত এখনকৈ মূল্যায়ন কমিটী বান্ধি দিছিল চৰকাৰৰ শিক্ষা বিভাগে। শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে যদিও ফলাফলৰ বিসংগতিৰ বাবে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।

মন কৰিবলগীয়া যে, দক্ষিণ শালমাৰাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আমিনুল ইছলাম আৰু কম্পিউটাৰ শিক্ষক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হে হ'ব লক্ষ্যণীয়।