কৃষ্ণ ৰয়ক পাঠশালা বঁটা প্ৰদান

চৌদিশে ৰঙালীৰ ৰঙত উখল-মাখল পৰিবেশ । ঢোল পেপাৰ মাতত ৰজনজন ৰাজ্যৰ চৌদিশ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীৰ মুগুৰীয়া বিহু সন্মিলনীয়েও কণ কণ ল’ৰা-ছোৱালী সকলৰ মাজত পৰম্পৰাগত বিভিন্ন খেল ধেমালী, জেং বিহু, হুচৰি গীত পৰিবেশন কৰে

author-image
Asomiya Pratidin
New Update
কৃষ্ণ ৰয়ক পাঠশালা বঁটা প্ৰদান

ডিজিটেল সংবাদ, পাঠশালাঃ চৌদিশে ৰঙালীৰ ৰঙত উখল-মাখল পৰিবেশ । ঢোল পেপাৰ মাতত ৰজনজন ৰাজ্যৰ চৌদিশ ।

Advertisment

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীৰ মুগুৰীয়া বিহু সন্মিলনীয়েও কণ কণ ল’ৰা-ছোৱালী সকলৰ মাজত পৰম্পৰাগত বিভিন্ন খেল ধেমালী, জেং বিহু, হুচৰি গীত পৰিবেশন কৰে ।

সমান্তৰালভাবে জেষ্ঠ জনৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়া কৃতি শিক্ষক, খেতিয়ক, চিকিৎসক, মেধামী ছাত্ৰ ছাত্ৰী, বিষয়া কৰ্মচাৰী সকলক বিহুবান প্ৰদান কৰে ।

ইয়াৰ লগতে পাঠশালাা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত মুকলি বিহু অনুস্থানত আবাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয়ক আনুস্থানিক ভাবে পাঠশালা বঁটা প্ৰদান কৰে।

প্ৰযোজকগৰাকীয়ে এই বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰে । লগতে তেওঁ সংগঠনটোক কৃতজ্ঞতা জ্ঞাপন কৰে । কৃষ্ণ ৰয়ক বঁটা প্ৰদান কৰা কাৰ্যক উপস্থিত ৰাইজেও ছাত্ৰ সংগঠনটোক একেমুখে সলা লয় ।

Also Read: আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে হত্যা কৰিলে কুখ্যাত গেংষ্টাৰ আতিক আহমেদক

কৃষ্ণ ৰয় পাঠশালা বঁটা