গহপুৰৰ গমিৰিৰ মেধাৱী ছাত্র তিলক দাহালৰ কৃতিত্ব...

author-image
Asomiya Pratidin
New Update
গহপুৰৰ গমিৰিৰ মেধাৱী ছাত্র তিলক দাহালৰ কৃতিত্ব...

ডিজিটেল সংবাদ, ছয়দুৱাৰ : চিকিমৰ গেংটকস্থিত কাঞ্চনজংঘা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত দেৱভাষা সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানত উত্তীৰ্ণ হৈ গোল্ড মেডেল লাভ কৰি গৌৰৱৰ অধিকাৰী হৈছে মেধাৱী ছাত্র তিলক দাহাল।

গহপুৰ মহকুমাৰ অন্তৰ্গত গমিৰি নিৱাসী দ্ৰোণ দাহাল আৰু টিকামায়া দেৱীৰ সন্তান তিলক দাহালৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে গমিৰিবাসী ৰাইজৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ। উল্লেখযোগ্য যে অহা ২৫ মাৰ্চত চিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই তেওঁক আগবঢ়াব এই সন্মান।

Also Read: প্ৰশ্নকাকত ফাদিলঃ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

gahpur