দৰঙৰ সপ্তম শ্ৰেণীৰ ছাত্রই সাজি উলিয়ালে বিশ্বকৰ্মাৰ মূৰ্তি

দিপীলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্র কৌস্তভ মণি কলিতা

author-image
Asomiya Pratidin
New Update
দৰঙৰ সপ্তম শ্ৰেণীৰ ছাত্রই  সাজি উলিয়ালে   বিশ্বকৰ্মাৰ মূৰ্তি

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : শৰৎ মানেই যেন পূজাৰ সময়। সমাগত বিশ্বকৰ্মা পূজা, বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰে আৰম্ভ হ'ব আন আন দেৱ দেৱীৰ পূজা। বিশ্বকৰ্মা পূজা লৈ মাজত মাথো কেইটা মান দিন বাকী আৰু তাৰ পাছতেই অনুস্থিত হব বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। সেয়ে ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকল, পূজাৰ প্ৰতিমা বনোৱাত।

Advertisment

দিপীলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ কৌস্তভ মণি কলিতাই নিজা প্ৰচেষ্টাত প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন দেৱ -দেৱীৰ মূৰ্তি। বিশ্বকৰ্মা, শিৱ, লক্ষ্মী, সৰস্বতী ,শ্ৰীগনেশ আদি বিভিন্ন মুৰ্তি সাজিব পাৰে এই ছাত্ৰজনে মূৰ্তি সজোৱা আনুষ্ঠানিক কোনো শিক্ষা নোহোৱাকৈয়ে।

লকডাউন সময়ত বিদ্যালয় বন্ধ থকা অবস্থাত আনে বনোৱা মূৰ্তি চাই চাই নিজা খৰচত সাজি উলিয়াই বিক্ৰী কৰিলে বিভিন্ন মূৰ্তি। আৰ্থিক ভাবে পিছ পৰা সপ্তম শ্ৰেণীৰ ছাত্র কৌস্তভমণি কলিতাই মূৰ্তি প্ৰস্তুত কৰি পঢ়াৰ খা-খৰচ উলিয়াৱাৰ লগতে ঘৰৰ খৰচো উলিয়াই।

assam mangaldoi