মাজপোতনিৰ মেধাৱী ছাত্ৰ চন্দনক মুখ্যমন্ত্ৰীয়ে দিব ১ লাখৰ চেকঃ মঙ্গলবাৰে দিছপুৰলৈ মাতিলে শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ে

মাজপোতনিৰ মেধাৱী ছাত্ৰ চন্দনক মুখ্যমন্ত্ৰীয়ে দিব ১ লাখৰ চেকঃ মঙ্গলবাৰে দিছপুৰলৈ মাতিলে শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ে

author-image
asomiyapratidin
New Update
মাজপোতনিৰ মেধাৱী ছাত্ৰ চন্দনক মুখ্যমন্ত্ৰীয়ে দিব ১ লাখৰ চেকঃ মঙ্গলবাৰে দিছপুৰলৈ মাতিলে শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ে

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত নৱমস্থান লাভ কৰা নগাঁৱৰ মাজপোতনি গাঁও নিৱাসী দুখীয়া পৰিয়ালৰ চন্দন বৰালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ উচ্চ শিক্ষাৰ বাবে ১ লাখ টকাৰ সাহায্য আগবঢ়াইছে। উল্লেখযোগ্য যে চন্দনৰ পিতৃ হৰেন বৰাই তেলেংগানাৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰে।

শিঙীয়াপোনি হাইস্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী চন্দন বৰাই উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলটো স্থান লাভ কৰিব বুলি সকলোৱে আশা কৰিছিল যদিও ৯৩ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'লেও স্থান লাভৰ পৰা বঞ্চিত হয়। ইয়াৰ পৰৱৰ্তী সময়ত নগাঁৱৰ এখন ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়ত বাণিজ্য শাখাত নাম ভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰা চন্দনে উচ্চতৰ মাধ্যমিকত নৱম স্থান লাভ কৰাৰ খবৰক লৈ মাজপোতনি গাঁৱৰ লগতে পূৰ্বে পঢ়ি অহা শিঙীয়াপোতনি হাইস্কুলৰ শিক্ষক, শিক্ষাৰ্থী, অঞ্চলৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠে।

পুত্ৰৰ ফলাফলৰ এই সময়তো পিতৃ আছিল তেলেংগানাতে। ইফালে চন্দনে নগাওঁ মহাবিদ্যালয়তে বাণিজ্য শাখাত পঢ়াৰ সিদ্ধান্ত লোৱাৰ সমান্তৰাল ভাৱে চাৰ্টাড একাউণ্টেন্তৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা প্ৰকাশ কৰে। পিছে ইয়াৰ বাবে ভৱিষ্যতে প্ৰয়োজন হোৱা অৰ্থ আৰু পৰিয়ালৰ সামৰ্থৰ বিষয়টো অনুধাৱন কৰি একেখন গাঁৱৰে নিৱাসী তথা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই তাৎক্ষণিক ভাৱে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুক অৱগত কৰে।

মন্ত্ৰীগৰাকীয়েও লগে লগে সহাৰি জনাই নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষৰ সহযোগত বিনামূলীয়াকৈ প্ৰাৰম্ভিক নামভৰ্তি, কিতাপ-পত্ৰ আদিৰ ব্যৱস্থা কৰি দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিৰ পৰাহে এনে সাহায্য দিয়াটো সম্ভৱ বুলি অৱগত কৰি এখন আৱেদন তেওঁলৈ প্ৰেৰণৰ পৰামৰ্শ দিয়ে। সেই মতেই প্ৰকাশ মহন্তই মুখ্যমন্ত্ৰীক উদ্যেশ্যি এখন পত্ৰ ড০ ৰণোজ পেগুৰ জৰিয়তেই প্ৰেৰণ কৰে।

সেই আৱেদনৰ ওপৰত ভিত্তি কৰিয়েই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা বুলি ২৫ আগষ্ট, বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ মহন্তক অৱগত কৰাত বিষয়টো তেওঁ লগে লগে চন্দনৰ পৰিয়ালকো জানিবলৈ দিয়ে। যিহেতু সাহায্যৰ চেকখন উপভুক্তাই নিজেই স্বাক্ষৰ কৰি গ্ৰহণ কৰিব লাগিব, সেই বাবে অহা ৩০ আগষ্ট, মঙ্গলবাৰে চন্দন বৰাক দিছপুৰলৈ আহি উক্ত চেক গ্ৰহণ কৰাৰ বিষয়েও ইতিমধ্যে অৱগত কৰা হৈছে।

শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই কথাও জনোৱা হৈছে যে দিছপুৰলৈ আহি সেই কাৰ্যালয়ৰ সৈতে নিৰ্ধাৰিত ফোন নম্বৰত যোগাযোগ কৰিলেই তেওঁক প্ৰয়োজনীয় প্ৰমাণ পত্ৰৰ ভিত্তিত প্ৰৱেশৰ অনুমতি দি এই চেক অৰ্পণ কৰা হ'ব।এই খবৰত চন্দনৰ পৰিয়াল আৰু গাওঁবাসীৰ লগতে প্ৰকাশ মহন্তও আনন্দিত হৈছে আৰু শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীক দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ জনক আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জনাইছে।