/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/assamm.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: বিভিন্ন জনগোষ্ঠীক এক কৰি বৰ অসমৰ ভেটী গঢ়োতা স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ নাম ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুত কৰা বৈচিত্ৰ্যময় অসম নামৰ গ্ৰন্থখনৰ পৰিশিষ্টৰত সৰ্ব প্ৰথমে উল্লেখ কৰাৰ পৰিৱৰ্তে বাদ দিয়াৰ ঘটনাই শিৱসাগৰ জিলা খনৰ লগতে সমগ্ৰ উজনি অসমতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পৰা আৰম্ভ কৰি দামোদৰদেৱ, হৰিদেৱলৈকে উল্লেখ থকা পাঠ্যক্ৰমৰ বিশেষ পৃষ্ঠাটোত স্বৰ্গদেউ চ্যাউল্যুং চ্যুকাফাৰ নাম উল্লেখ নথকাক লৈ জাঙুৰখাই উঠিছে বিভিন্ন দল সংগঠন ৷ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট বৈচিত্ৰ্যময় অসম শীৰ্ষক পাঠ্যক্ৰমৰ পৰিশিষ্টত স্বৰ্গদেউৰ নাম উল্লেখ নথকাৰ সন্দৰ্ভদ কালি নিশাৰে পৰা সামাজিক মাধ্যমত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ধুমুহা ৷
বিশেষকৈ আহোম ৰাজত্বকালত অসমীয়া হৈ পৰা জনসাধাৰণৰ আত্ম সন্মান আৰু মৰ্য্যদাত আঘাত সনা এই ভয়ংকৰ অপমান জনক কাৰ্য্যৰ বিৰুদ্ধে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোঁহাই আৰু কাৰ্য্যকৰী সভাপতি বসন্ত গগৈয়ে ৷ এক বিবৃত্তিত সভাপতি আৰু কাৰ্য্যকৰী সভাপতি গৰাকীয়ে স্বৰ্গদেউ গৰাকীৰ নাম উক্ত পাঠ্যক্ৰমৰ পৰা বাদ দিয়া কাৰ্য্য কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে ৷
কেইবা তৰপীয়া পৰীক্ষা নিৰীক্ষাৰ মাজেৰে সম্পন্ন হোৱা গ্ৰন্থখনত ইমান এক ভয়ংকৰ বিসংগতি কেনেকৈ হ'ল বুলি ক্ষোভ প্ৰকাশ কৰা নেতা দুগৰাকীয়ে ইতিপূৰ্বে বিতৰণ কৰা পুঠি সমুহ উঠাই লৈ সংশোধনীৰে পুনৰ বিতৰণ কৰিবলৈ দাবী জনাই ৷ ইয়াৰ অন্যথাই এই ভয়ংকৰ কাৰ্য্যৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকিব বুলি স্পষ্ট কৰি দিয়ে ৷
১২২৮ খ্ৰীষ্টাব্দত চাওল্যুং চুকাফাই অসমত প্ৰৱেশ কৰাৰ প্ৰায় ২২১ বছৰৰ পাছতহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল ৷ অন্যহাতেদি চাউল্যুং চ্যুকাফাৰ পদাংক অনুসৰণ পৰৱৰ্তী সময়ৰ স্বৰ্গদেউ সকলে মোগলক প্ৰতিহত কৰি অসমৰ স্বাধীনতা,সুৰক্ষা অক্ষুন্ন ৰাখিছিল ৷তেনেস্থলত এই গৰাকী বৰ অসম গঢ়োতাক এনেদৰে অতি পৰকল্পিত ভাৱে পাঠ্যপুথিৰ পৰা নাম বাদ দিয়া কাৰ্য্য কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে ৷
আৰু পঢ়ক: ওদালগুৰিত অসম ভিত্তিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ