ডিজিটেল সংবাদ,চৰাইদেউঃ ঐতিহাসিক চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ গ্রাম্য ক্রীড়া প্রকল্পত আজি অনুষ্ঠিত হ'ব অসম প্রদেশ কংগ্ৰেছ কমিটিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা উক্ত সভাত প্রদেশ কংগ্রেছৰ সদস্য বৃন্দৰ উপৰি দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দ পুৱাৰ ভাগতে উপস্থিত হৈ চৰাইদেউ মৈদামত বন্তি প্ৰজ্বলন কৰে।
দলীয় এক সূত্ৰই প্ৰকাশ কৰা মতে বৃহৎ এই সাংগঠনিক সভাত সমগ্র অসমৰ চাৰিশৰো অধিক কংগ্রেছ কর্মী উপস্থিত থাকিব। বর্ধিত এই কার্যনির্বাহক বৈঠকত নামনি অসম, বৰাক উপত্যকা, পার্বত্য অঞ্চল, মধ্য অসমৰ উপৰি উজনি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহিবলগা কংগ্রেছ কর্মীসকলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰও পৰিদৰ্শন কৰিব।
দলটোৰ বর্ধিত কার্যনির্বাহক বৈঠকখন সুকলমে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে গঠন কৰা অভ্যর্থনা সমিতিৰ উপদেষ্টাৰ দায়িত্বত আছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। বিৰোধী দলপতি দেবব্রত শইকীয়াক অধ্যক্ষ আৰু চৰাইদেউ জিলা কংগ্রেছৰ সভাপতি উৎপল গগৈক সম্পাদকৰূপে লৈ গঠিত অভ্যর্থনা সমিতিয়ে সমগ্ৰ অসমৰ চাৰিশ কংগ্ৰেছ প্রতিনিধিক আদৰিবলৈ সাজু।