
ডিজিটেল সংবাদ ,শিৱসাগৰ: আজিৰ পৰা প্ৰায় ৫৭ বছৰ পূৰ্বে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই এগৰাকী ছাত্ৰীৰ হেৰাইছিল এটা আঙুঠি ৷ সোণৰ আঙুঠিটো আছিল শিৱসাগৰ চহৰৰ সমীপৰ কুকুৰাপুহীয়া গাঁৱৰ জুলেখা বেগমৰ।
দুদিনমানৰ পিছত শ্ৰেণীকোঠাৰ এটি কোণত আঙুঠিটো লাভ কৰিছিল সেই সময়ত জুলেখাৰ সৈতে একে শ্ৰেণীতে অধ্যয়নৰত তৈয়বুন নিছা নামৰ বান্ধৱী গৰাকীয়ে ৷ কিন্তু সেই সময়ত আঙুঠিটো ঘূৰাই দিলে জুলেখান ভুল ধাৰণ ল’ব বুলি ভাবি বিখ্যাত খেলুৱৈ তৈয়বুন নিছাই আঙঠিটো ঘূৰাই নিদিলে ।
হেৰুওৱা আঙুঠিটো ঘুৰাই নিদি তৈয়বুন নিচাই ঘৰতেই ৰাখি থয় । অধ্যায়নৰ সমান্তৰালে ক্ৰীড়াতো সমানেই মনোযোগ দি পৰবৰ্তী পৰ্যায়ত নিজৰ একগ্ৰতা আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ বাবেই ডিচকাচ থ্ৰ'ৰ জড়িতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছিল তৈয়বুন নিছা । দেশৰ ইখনৰ পিছত সিখন খেল পথাৰত অভিলেখৰ পিছত অভিলেখ সৃষ্টি কৰি যোৱা তৈয়বুন নিছা আঁতৰি গৈছিল ওপজা গাঁও ধাইআলিৰ পৰা ৷
কৈশোৰ, শৈশৱৰ মধুৰ সময় অতিক্ৰমী এতিয়া দুয়োৰে বয়স ৭০ বছৰ। পিছে জীৱনৰ এই বিয়লি বেলাতো স্মৃতিৰ কূঁৱলি ফালি তৈয়বুন নিছাই বিচাৰি উলিয়ালে শৈশৱ, কৈশোৰৰ এখিলা পাতত লিপিবদ্ধ হৈ থকা এক জীৱন্ত দলিল ৷
তৈয়বুন নিছাই পাহৰিব পৰা নাছিল ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ সময়ত বান্ধৱীৰ হেৰাই পোৱা আঙুঠিৰ কথা। স্মৃতিৰ পাত খুচৰিয়েই আজি তাহানিৰ হেৰাই পোৱা সোণৰ আঙুঠিটোৰ বৰ্তমানৰ মূল্য লৈ বান্ধৱী জুলেখা বেগমৰ কুকুৰাপুহীয়াস্থিত বাসগৃহত উপস্থিত হ’লগৈ বিখ্যাত খেলুৱৈ,ডিচকাচ ৰাণী তৈয়বুন নিছা । সুদীৰ্ঘ ৫৭ বছৰৰ মূৰত দুয়ো বান্ধৱী লগ হৈ আৱেগিক হৈ পৰিল।
তৈয়বুন নিছাই বান্ধৱী জুলেখাৰ হাতত গুজি দিলে আঙুঠিৰ মূল্য ৷ সহপাঠীৰ সোণৰ আঙুঠি ঘূৰাই নিদি মনত ইমান দিনে এক অদ্ভুত বেদনা পুহি ৰাখিছিল তৈয়বুন নিছাই। মাজে মাজে বান্ধৱীৰ আঙুঠি ঘূৰাই দিব নোৱৰা দোষে মনত হেন্দোলনী তুলে তৈয়বুন নিচাৰ ৷ আঙুঠিটো ঘূৰাই দিব নোৱাৰিলেও বান্ধৱী জুলেখাৰ হাতত মূল্য গুজি দি লভিলে অপাৰ আনন্দ ৷ আঙুঠিৰ হেৰুৱা কথাটো সময়ৰ গতিত জুলেখাই পাহৰি গৈছিল যদিও আজি তাৰ মূল্য লাভ কৰি পুলকিত হৈ পৰিল মন ৷