বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী : অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আহিব ধুমুহা-বৰষুণ !

কামৰূপ মহানগৰ, দৰং, দঃ শালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা আদি জিলাত সতৰ্কবাণী জাৰি
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী : অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আহিব ধুমুহা-বৰষুণ !

ডিজিটেল ডেস্ক : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনো ৰাজ্যৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰা অনুসৰি অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে উল্লেখিত ৰাজ্য কেইখনত অনাগত ৫দিনলৈ আহিব পাৰে ধুমুহা বতাহ। সোমবাৰে ঘোষণা কৰা আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ-পূবৰ ৰাজ্য কেইখনত ৩০/৪০ কিলোমিটাৰ বেগত ধুমুহা বতাহ বলাৰ সম্ভাৱনা আছে। উল্লেখিত ৰাজ্য কেইখনৰ জনসাধাৰণক বতৰ বিজ্ঞান কেন্দ্ৰই সাৱধান আৰু সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে।

ইফালে অসমৰ কেইখনমান জিলাত বৰষুণ আৰু ধুমুহা বতাহৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়ালো এলাৰ্ট জাৰি কৰিছে। জিলা কেইখন হ’ল- কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং, দঃ শালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, বাক্সা, চিৰাং, নগাঁও, মৰিগাঁও, কাছাৰ আদি।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী : অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আহিব ধুমুহা-বৰষুণ !
ট্ৰেণ্ডছ-প্ৰতিদিন বিহুৰে বিৰিণা ছিজন-৯ৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in