/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f4fb2b63-3599-43d7-8b41-dce86df2dec1/artist.jpg)
ষ্ট'ন আৰ্ট কৰি থকা অৱস্থাত লিম্পী
ডিজিটেল সংবাদ, কাজিৰঙা : নিৰ্জীৱ শিলক ৰং তুলিকাৰে ন ৰূপত সজাই তোলাৰ চেষ্টা এগৰাকী যুৱতীৰ ৷ কাজিৰঙাৰ লিম্পী পাঠক নামৰ যুৱতীগৰাকীৰ প্ৰচেষ্টাত কাজিৰঙাৰ প্ৰশান্তি নামৰ চৰকাৰী অতিথিশালাখনৰ চৌহদত থকা শিলবোৰে পাইছে ন ৰূপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0968f124-90f9-4240-abd0-bf15e99f133b/WhatsApp_Image_2023_01_19_at_12_08_30_AM.jpeg)
এতিয়া অতিথিশালাখনৰ চৌহদৰ শিলবোৰত কাজিৰঙাৰ গঁড়, হাতী, পহু অংকন কৰি ব্যতিক্ৰমী ৰূপ দিয়াৰ প্ৰচেষ্টাত ব্যস্ত লিম্পী। চিত্ৰশিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ব্যতিক্ৰমী ৰূপত চিত্ৰশিল্পৰ চৰ্চা অব্যাহত ৰাখিছে লিম্পীয়ে।
উল্লেখ্যে যে প্ৰথমবাৰৰ বাবে কাজিৰঙাত ষ্ট'ন আৰ্ট কৰাৰ চেষ্টা যুৱতীগৰাকীৰ।অতিথিশালাখনলৈ অহা পৰ্যটকসকলে এই পদক্ষেপ আদৰি লব বুলি আশাবাদী চিত্ৰশিল্পীগৰাকী। স্মৰ্তব্য যে লিম্পীয়ে নিজৰ হাততে ব্যতিক্ৰমী ৰূপত অংকন কৰিছে বহু কিতাপৰ বেতুপাতো।