গোৱালপাৰাত STFৰ অভিযানত জব্দ দহ লক্ষাধিক টকাৰ জালনোট

গোৱালপাৰাৰ কৃষ্ণাইত এছ টি এফে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ জালনোট।

author-image
Asomiya Pratidin
New Update
গোৱালপাৰাত STFৰ অভিযানত জব্দ দহ লক্ষাধিক টকাৰ জালনোট

ডিজিটেল ডেস্কঃ গোৱালপাৰাত অসম আৰক্ষীৰ সফলতা। গোৱালপাৰাৰ কৃষ্ণাইত এছ টি এফে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ জালনোট। এখন অল্ট’ বাহনৰ পৰা জব্দ কৰা হয় জালনোটখিনি।

জব্দ কৰা জালনোটখিনি মুঠ ১৪.৫০ লাখ টকাৰ। ঘটনা সন্দৰ্ভত ৩জন লোকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্রেপ্তাৰ হোৱা লোককেইজন হ'ল আনোৱাৰ হুছেইন, ৰফিক আহমেদ, গ্রৱেল মাৰাক। উল্লেখ্য যে, এছ টি এফৰ ডি আই জি পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত চলিছিল এই অভিযান।

Also Read: অনুৰাগক লগত লৈ ইন্দ্রাণীৰ বাসগৃহত আৰক্ষীঃ উদ্ধাৰ বহু আপত্তিজনক নথি

STF Assam Assam police