কাইলৈ উন্মোচন হ'ব জোঙাল বলহুৰ প্ৰতিমূৰ্তি

তিৱা সাংস্কৃতিক গোষ্ঠী আৰু বৰকলা আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত বৃহস্পতিবাৰে নগাঁও জিলাৰ বৰকলাৰ তিৱা নাট্য মন্দিৰত জোঙাল বলহুৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হ'ব ।
কাইলৈ উন্মোচন হ'ব জোঙাল বলহুৰ প্ৰতিমূৰ্তি

ডিজিটেল সংবাদ, বেবেজীয়া: তিৱা সাংস্কৃতিক গোষ্ঠী আৰু বৰকলা আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত বৃহস্পতিবাৰে নগাঁও জিলাৰ বৰকলাৰ তিৱা নাট্য মন্দিৰত জোঙাল বলহুৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হ'ব । এই উপলক্ষে কাইলৈ পুৱা ৯ বজাত জোঙাল বলহুৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব নগাঁও জিলা তিৱা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কমল ডেকাৰজাই ।

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব তিৱা সাংস্কৃতিক সমাজৰ নগাঁও জিলাৰ সভাপতি ধৈৰ্যৰাম বৰদলৈয়ে ,পুস্পাঞ্জলী প্ৰদান কৰিব তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিপেন্দ্ৰ নাথ বৰদলৈয়ে । পুৱা ১০ বজাত শোভাযাত্ৰা উদ্বোধন কৰিব তিৱা সাহিত্য সভাৰ নগাঁও জিলাৰ সভাপতি বীৰেণ লালুঙে । পুৱা ১১ বজাত অনুষ্ঠিত হ'ব ৰাজহুৱা সভা ।

প্ৰাক্তন শিক্ষক সুধাময় দাসৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগীয়া ৰাজহুৱা সভাত বিশিষ্ট অতিথি হিচাপে কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , কামপুৰৰ জেষ্ঠ সাংবাদিক মোলান লস্কৰ , পাখিমৰিয়া উন্নয়ণ খণ্ডৰ বি ডি অ দিনেশ পেগু , নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ অসম কাকতৰ জেষ্ঠ সাংবাদিক মন্টু শইকীয়াৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

আৰু পঢ়ক: দিল্লীত ‘আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা' শীৰ্ষক আলোচনা চক্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in