গোলাঘাটৰ আৰক্ষীয়ে দাহ কৰিলে প্ৰায় ৫৪ লক্ষাধিক টকাৰ নিচা জাতীয় সামগ্ৰী

গোলাঘাটৰ আৰক্ষীয়ে দাহ কৰিলে প্ৰায় ৫৪ লক্ষাধিক টকাৰ নিচা জাতীয় সামগ্ৰী

ডিজিটেল সংবাদ, গোলাঘাট: মৰাত্মক মৰফিন,হিৰইন ,গাঞ্জাকে ধৰি এক বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী শুকুৰবাৰে গোলাঘাটৰ আৰক্ষীয়ে দাহ কৰে । বিগত সময়চোৱাত জিলাখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয় জব্দ কৰা প্ৰায় ৩২৯১০০০ টকাৰ মূল্যৰ ১৬৬.৫৫ গ্ৰাম হিৰইন, ১৭৫৮২০০ টকাৰ ৮৭.৯১ গ্ৰাম মৰফিন আৰু প্ৰায় ৩১৭৬০০ টকাৰ প্ৰায় ৭ কিলোগ্ৰাম গাঞ্জা আৰক্ষীয়ে জ্বলাই ধ্বংস কৰি পেলায়।

ড্ৰাগছ খিনিত অগ্নি সংযোগ কৰাৰ পাছত আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনময় দাসে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে সকলো আনুষ্ঠানিকতা সম্পন্ন কৰি জব্দকৃত ড্ৰাগছ সমূহ ধ্বংস কৰা হৈছে।

গোলাঘাটৰ আৰক্ষীয়ে দাহ কৰিলে প্ৰায় ৫৪ লক্ষাধিক টকাৰ নিচা জাতীয় সামগ্ৰী
চকী খালি শাসকীয় বিধায়কৰ! অখিল গগৈৰ সংকল্প প্ৰস্তাৱত ৩০ টা ভোট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in