বিশ্ব কৰ্কট ৰোগ দিৱসত এচিচিএফৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰ…

বিশ্ব কৰ্কট ৰোগ দিৱসত এচিচিএফৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰ…

author-image
asomiyapratidin
New Update
বিশ্ব কৰ্কট ৰোগ দিৱসত এচিচিএফৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰ…

ডিজিটেল ডেস্কঃ ৪ ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট দিৱস উপলক্ষে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে বৃহস্পতিবাৰে সমগ্ৰ অসমতে বিনামূলীয়া এমহীয়া সজাগতা শিবিৰ আৰু কেন্সাৰ চিনাক্তকৰণৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।

Advertisment

সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সকলো স্তৰৰ মৌখিক, স্তন আৰু গ্ৰীৱাৰ কৰ্কট ৰোগৰ বিষয়ে সচেতনতা বৃদ্ধিৰ বাবে এই শিৱিৰৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে, এই বৰ্ষৰ ইউনিয়ন ফৰ ইন্টাৰনেশ্যনেল কেন্সাৰ কন্ট্ৰোলৰ মূল বিষয়বস্তু হৈছে, মই পাৰো আৰু মই পাৰিম। অৰ্থাৎ এচিচিএফৰ লক্ষ্য হৈছে এই বিষয়ে সজাগতা সৃষ্টি কৰা যে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জিকিব পাৰি।

এচিচিএফৰ অভিজ্ঞতা অনুসৰি, ৭০ শতাংশ কেন্সাৰৰ ঘটনা শেষৰ পৰ্যায়তহে পোৱা চিকিৎসাৰ বাবে অধিক সংখ্যকেই মৃত্যু মূখত পৰে।অন্যহাতে অসম চৰকাৰে টাটা ট্ৰাষ্টৰ উদ্যোগত কৰা এই অভিযানৰ উদ্দেশ্য হৈছে অসমৰ জনসাধাৰণৰ বাবে বিশ্ব পৰ্যায়ৰ চিকিৎসা সেৱাৰ পৰিৱেশ উপলব্ধ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা।

আগতীয়াকৈ চিনাক্তকৰণৰ বিষয়ত গুৰুত্ব দি এচিচিএফৰ মুখ্য অপাৰেটিং বিষয়া ড০ সজল সেনে অসমৰ জনসাধাৰণক তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সময়ে সময়ে সম্পন্ন কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, "সকলোৱে এয়া বুজি পোৱাটো গুৰুত্বপূৰ্ণ যে সোনকালে চিনাক্ত কৰিলে বেছিভাগ কৰ্কট ৰোগ নিৰাময়যোগ্য। এচিচিএফে ডিব্ৰুগড়, বৰপেটা, তেজপুৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত অৱস্থিত স্বাস্থ্য বিভাগত উচ্চৰক্তচাপ, ডায়েবেটিচ, মৌখিক, স্তন আৰু গ্ৰীৱাৰ স্বাস্থ্যৰ স্বাস্থ্য পৰীক্ষা সেৱা প্ৰদান কৰে। সময়মতে হোৱা এনে পৰীক্ষাৰ জৰিয়তে পৰোক্ষভাৱে কেন্সাৰ নিৰাময় সম্ভৱ হৈ উঠে।

অন্যহাতে টাটা কেন্সাৰ কেয়াৰ প্ৰগ্ৰেমৰ মূখ্য কাৰ্যবাহী ড০ সঞ্জীৱ চোপ্ৰাই কয় যে, আগতে বহুলোকে আধাতে চিকিৎসা সেৱাৰ অভাৱ আৰু অৰ্থনৈতিক কাৰণত আধাতে চিকিৎসা ত্যাগ কৰিব লগা হৈছিল। তেওঁ লগতে কয় যে, বৰ্তমান বহু ভিতৰুৱা অঞ্চলত এই কেন্সাৰ কেয়াৰ চেন্টাৰে চিকিৎসাৰ ক্ষেত্ৰত কৰিব পৰা সহায়ৰ বাবে তেওঁলোক যথেষ্ট সুখী।