গড়গাঁও মহাবিদ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা...

গড়গাঁও মহাবিদ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা...

ডিজিটেল সংবাদ,শিৱসাগৰ : গড়গাঁও মহাবিদ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা এখনি অনুষ্ঠিত কৰা হয়। গড়গাঁও মহাবিদ্যালয়ৰ ইক' ক্লাবৰ উদ্যোগত ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট আৰু ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত আৰু ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সৌজন্যত 'কঠিন আৱৰ্জনা ব্যৱস্থাপনা' সম্পৰ্কে এদিনীয়া ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাখনি সম্পন্ন কৰা হয়।

অনুষ্ঠানটিৰ আৰম্ভণিতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গড়গাঁও মহাবিদ্যালয়ৰ ইক' ক্লাবৰ সমন্বয়ক , ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্যক্ৰম বিষয়া তথা অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ৰিমঝিম বৰাই আঁত ধৰা অনুষ্ঠানটিত এগছি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱাৰ পাছত আদৰণি ভাষণ প্ৰদান কৰে বিশিষ্ট নিবন্ধকাৰ,কবি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যাসচী মহন্তই।

আদৰণি ভাষণত ড০ মহন্তই জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমূ্হৰ প্ৰতি লক্ষ্য ৰাখি, পৰিৱেশ আৰু পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যতা বজাই ৰাখিবৰ বাবে কঠিন আৱৰ্জনা পৰিচালনাৰ ভিন্ন উপায়ৰ বিষয়ে নাগৰিকক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্বাৰোপ কৰে । বাস্তৱ অভিজ্ঞতাপুষ্ট কিছু উদাহৰণেৰে ড০ মহন্তই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰিৱেশ সচেতনতা, আৰু সামাজিক দায়বদ্ধতাৰে সকলোকে 'পৰিৱেশ মিত্ৰ'ৰ দা‌য়িত্বৰে এক 'পৰিৱেশ অনুকূল জীৱন- যাপন'ৰ বাবে সকলোকে আহ্বান জনায়।

ইয়াৰ পাছতে ড০ ৰিমঝিম বৰাই “কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ আভাস” শীৰ্ষক এক বিস্তৃত আৰু আলোকময় উপস্থাপনেৰে কঠিন আৱৰ্জনাসমূহৰ অৰ্থ আৰু প্ৰকাৰ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ভিন্ন পদ্ধতিসমূহ ব্যাখ্যা কৰে। বিভিন্ন দেশৰ দ্বাৰা আৱৰ্জনা জমা হোৱাৰ পৰিসংখ্যা প্ৰদান কৰি তেওঁ আলোকপাত কৰে যে ভাৰতবৰ্ষ পৃথিৱীৰ ৬০% অপব্যৱস্থাপনা কৰা প্লাষ্টিক আৱৰ্জনাৰ বাবে দায়ী ১২খন দেশৰ ভিতৰত আছে,যদিও একে সময়তে 'কম আৱৰ্জনা উৎপাদনকাৰী' প্ৰদূষক হিচাপেও আমাৰ দেশক শ্ৰেণীভুক্ত কৰা হৈছে। ড০ বৰাই অৰ্থনীতিৰ কেইবাটাও ধাৰণা যেনে 'চক্ৰীয় অৰ্থনীতি' , 'সেউজ হিচাপ' 'ঋণাত্মক বাহ্যিকতা' আদি ব্যাখ্যা কৰে।

তেঁও বহনযোগ্য উপভোগ বা বহনযোগ্য উৎপাদনৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ পাছতে সমল ব্যক্তি ৰূপে উপস্হিত থকা সোণাৰি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বিকাশ শৰ্মাই 'প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা' শীৰ্ষক এক তথ্যসমৃদ্ধ বক্তৃতাত প্লাষ্টিক গঠন, প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাৰ উপায়, প্লাষ্টিক আৱৰ্জনাসমূহৰ বিপদ আৰু এনে আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে বিভিন্ন চৰকাৰী নিয়মৰ কথা বিষদভাৱে ব্যাখ্যা কৰে।

'প্লাষ্টিক আৰু সফলতাৰ কাহিনীৰ আপচাইক্লিং' শীৰ্ষক আন এক তথ্যসমৃদ্ধ উপস্থাপনত ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ ছাহীন শ্বেহনাজ বেগমে প্লাষ্টিক নিৰ্মিত সামগ্ৰীক কাৰ্যক্ষম সামগ্ৰীলৈ ৰূপান্তৰিত কৰিবলৈ সৃষ্টিশীল পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰে প্লাষ্টিক আপচাইক্লিং ধাৰণাটোৰ বিষয়ে ব্যাখ্যা কৰে । ইয়াৰ পাছতে গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক ক্ৰমে জিন্ত মেচ, ৰিচাশ্ৰী চেতিয়া, অপূৰ্ব শইকীয়া, জ্যোতিকা গগৈ, অৰবিন্দ সিং যাদৱ,অনুজ চেত্ৰী,বৰষামণি মহন্ত, গীতিমণি বাগচিয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ ১০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক হাতে- কামে আৰ্বজনা ব্যৱস্থাপনা বিষয়ক প্ৰায়োগিক প্ৰশিক্ষণ প্ৰদান কৰে।

ইয়াৰ পাছতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল তথা তত্বাৱধায়ক শিক্ষক শিক্ষয়িত্ৰী সকলে কৰ্মশালা খনিৰ সফল ৰূপায়নৰ বাবে মন্তব্য প্ৰদান কৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তকে প্ৰমুখ্যে কৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈ,ড০চন্দ্ৰাদিত্য গগৈ( ভূতত্ব বিভাগৰ মুৰব্বী অধ্যাপক),ড০ বিদ্যানন্দ বৰকাকতী ( শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক),ড০ আন্না গগৈ ( ৰসায়ণ বিভাগৰ মুৰব্বী অধ্যাপক) য়ে কৰ্মশালা খনিত পঞ্জীভুক্ত কৰি অংশগ্ৰহণ কৰা সকলোকে প্ৰমাণপত্ৰ প্ৰদান কৰে।

সৰ্বমুঠ ১৬১ গৰাকীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা খনিৰ সফল ৰূপায়ণৰ বাবে ড০ ৰিমঝিম বৰাই সকলোকে শলাগৰ শৰাইৰ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in