চিৰাঙত ৰাজ্যিক ভিত্তিক ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবি ছেভেনচ চেম্পিয়নশ্বিপ-২০২৩ অনুষ্ঠিত...

চিৰাঙৰ কাজলগাঁৱত তৃতীয় সংখ্যক ৰাজ্যিক ভিত্তিক ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবি ছেভেনচ চেম্পিয়নশ্বিপ-২০২৩ অনুষ্ঠিত হৈ যায় ৷ ছিনিয়ৰ লৰা আৰু ছোৱালীৰ শাখাত তামুলপুৰ জিলাই চুৰান্ত বিজয়ী দলৰ সন্মান লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
চিৰাঙত ৰাজ্যিক ভিত্তিক ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবি ছেভেনচ চেম্পিয়নশ্বিপ-২০২৩ অনুষ্ঠিত...

ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবি ছেভেনচ চেম্পিয়নশ্বিপ

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ কাজলগাঁৱত তৃতীয় সংখ্যক ৰাজ্যিক ভিত্তিক ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবি ছেভেনচ্ চেম্পিয়নশ্বিপ-২০২৩ অনুষ্ঠিত হৈ যায় ৷ ছিনিয়ৰ লৰা আৰু ছোৱালীৰ শাখাত তামুলপুৰ জিলাই চুৰান্ত বিজয়ী দলৰ সন্মান লাভ কৰিছে ।

Advertisment

লৰা-ছোৱালীৰ উভয় শাখাত ৰানাৰ্চ আপ হিচাপে থাকে চৰাইদেউ জিলা আৰু তৃতীয় স্থানত থাকে লৰা-ছোৱালীৰ উভয় শাখাত থাকে ওদালগুৰি জিলা । বৃহস্পতিবাৰৰ বঁটা বিতৰণী অনুষ্ঠানত বিটিচি প্ৰশাসনৰ ক্ৰীড়া বিভাগৰ মুখ্য সচিব ডি, এন, হাজৰিকা মুখ্য অতিথিৰূপে উপস্থিত থাকি চুৰান্ত বিজয়ী লৰা আৰু ছোৱালীৰ বিজয়ী দলক ট্ৰফী প্ৰদান কৰে ।

উল্লেখ্য যে বুধবাৰৰ দিনটোত জুনিয়ৰ লৰা শাখাত চুৰান্ত বিজয়ী দলৰ সন্মান লাভ কৰে চৰাইদেউ, ৰানাৰ্চ আপ নলবাৰী, তৃতীয় স্থানত থাকে বোকাখাত দল । ছোৱালী জুনিয়ৰ শাখাত নলবাৰী বিজয়ী, ৰানাৰ্চ আপ বাক্সা, তৃতীয় স্থানত ওদালগুৰিৰ দল ।

Also Read: নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে লামডিঙত ৰেল শ্ৰমিকৰ প্ৰতিবাদ...

জুনিয়ৰ ৰাগবি ছেভেনচ চেম্পিয়নশ্বিপ