
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী পংকজ চৌধুৰী। বুধবাৰে মঙলদৈত উপস্থিত হয় মন্ত্ৰী পংকজ চৌধুৰী। আকাংক্ষিত জিলা হিচাপে চিহ্নিত দৰং জিলাৰ উন্নয়নৰ বুজ ল'বলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী।
দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বীসকলৰ লগত আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী। আলোচনাৰ অন্তত মন্ত্ৰীগৰাকী মোৱামাৰী মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰি ৰাইজৰ লগত মত বিনিময় কৰে।
উল্লেখযোগ্য যে উপায়ুক্তৰ কাৰ্যালয়ত হোৱা আলোচনাত জল জীৱন মিছনৰ সন্দৰ্ভত মন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে যদিও উত্তৰ দিবলৈ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুৰব্বী।