গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সিদ্ধান্তঃ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক আদৰণি পৰিয়ালৰ

প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্মশতবর্ষ পালন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে বৰবৰাৰ পৰিয়ালে।

author-image
Asomiya Pratidin
New Update
গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সিদ্ধান্তঃ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক আদৰণি পৰিয়ালৰ

ডিজিটেল সংবাদ গুৱাহাটীঃ প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্মশতবর্ষ পালন কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে বৰবৰাৰ পৰিয়ালে। আজি এই সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই সন্দৰ্ভত কয় যে,অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰা দেৱৰ জন্মশতবর্ষ পালন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম কেবিনেটত আজি এই সিদ্ধান্ত লোৱাৰ লগতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ডাঃ ৰণোজ পেগু আৰু অজন্তা নেওগক লৈ তিনি জনীয়া কেবিনেট উপ-সমিতিক জন্ম শতবর্ষ পালনৰ সকলো কাৰ্যৰ্যক্ৰম পৰিচালনাৰ বাবে দায়িত্ব অর্পণ কৰা হৈছে। 

Advertisment

ৰাজ্য চৰকাৰৰ কেবিনেটে গ্রহণ কৰা এই সিদ্ধান্তক প্রাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ পুত্ৰ তথা ভাৰতীয় জনতা পার্টি ৰাজ্যিক মুখপাত্র পকংজ বৰবৰাই আদৰণি জনাইছে। কেবিনেটৰ এই সিদ্ধান্তৰ বাবে মাননীয় মুখ্যমন্ত্রীক কৃতজ্ঞতা সহ গোলাপ বৰবৰাৰ পৰিয়লৰ সকলো সদস্যই ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ২০২৫ চনৰ ২৯ আগষ্টৰ পৰা ২৬ চনৰ ২৯ আগষ্টলৈ বছৰজোৰা কাৰ্য্যক্ৰমেৰে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ জন্ম শতবার্ষিকী উদযাপন কৰা হ'ব। নিজৰ সততা আৰু জনসোৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই প্রয়াত মুখ্যমন্ত্রী গোলাপ বৰবৰা সমাজত পৰিচিত।

ভূমি আইনৰ সংশোধন, বিনামূলীয়া চিকিৎসা আৰু শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনকে ধৰি বিভিন্ন ধৰণৰ সংস্কাৰমূখী আঁচনি আৰু কল্যাণকামী কাৰ্য্যক্ৰমৰ বাবে গোলাপ বৰবৰাৰ শাসনকালক আজিও শ্রদ্ধাসহকাৰে স্মৰণ কৰা হয়।

বিজেপি কেবিনেট সিদ্ধান্ত