সংকটত ৰাজ্যৰ মহাবিদ্যালয়, বিনামূলীয়াকৈ নামভৰ্তি ছাত্ৰৰ মাচুল দুবছৰে আদায় নিদিলে ৰাজ্য চৰকাৰে

অসম চৰকাৰে ক'ভিডৰ সময়ত ঘোষণা কৰিছিল মহাবিদ্যালয় সমূহত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া হ'ব

author-image
Asomiya Pratidin
New Update
সংকটত ৰাজ্যৰ মহাবিদ্যালয়, বিনামূলীয়াকৈ নামভৰ্তি ছাত্ৰৰ মাচুল দুবছৰে আদায় নিদিলে ৰাজ্য চৰকাৰে

State colleges in crisis

ডিজিটেল ডেস্ক : সংকটত পৰিছে ৰাজ্যৰ বহু উচ্চ শিক্ষানুষ্ঠান। অসম চৰকাৰে ক'ভিডৰ সময়ত ঘোষণা কৰিছিল মহাবিদ্যালয় সমূহত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ নাম ভৰ্তিৰ বাবদ দিব লগা ধন কলেজ কৰ্তৃপক্ষক ৰাজ্য চৰকাৰে প্ৰদান কৰিব।

Advertisment

সেই অনুসৰি মহাবিদ্যালয় সমূহে বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলৰ নাম ভৰ্তিৰ ব্যৱস্থা কৰিছিল যদিও যোৱা ২টা বছৰে চৰকাৰৰ পৰা পাব লগা ধন আজিও লাভ নকৰিলে। ইয়াৰ ফলত ৰাজ্যৰ প্ৰায়বোৰ মহাবিদ্যালয় সন্মুখীন হৈছে আৰ্থিক সংকটত।

চলিত বিধানসভাত উক্ত মহাবিদ্যালয় সমূহে লাভ কৰিবলগীয়া ধনৰ বাবে অনুমোদন লাভ কৰিব বুলি ভবা হৈছিল যদিও বিত্ত বিভাগৰ আপত্তিৰ বাবে তেনে কোনো পদক্ষেপে গ্ৰহণ নকৰিলে শিক্ষা বিভাগে।

ইফালে প্ৰায় ১০০ খন মহাবিদ্যালয়লৈ আনাদায় হৈ থকা বিদ্যুতৰ বিল অচিৰেই আদায় দিবলৈ শক্তি বিভাগে জাননী প্ৰেৰণ কৰিছে। নাকৰ মূল্যায়ণৰ বাবেও এই সময়খিনিত আন্তগাঁথনি উন্নতি আৰু আন অনুষাংগিক ব্যয়ৰ বোজা ভৰিব লগা হৈছে মহাবিদ্যালয় সমূহে।

বিদ্যুতৰ বিল সময়মতে দিব নোৱাৰিলে বিদ্যুৎ সংযোগ কৰ্তন কৰিব শক্তি বিভাগে। তেনে পৰিস্থিতিত মহাবিদ্যালয় সমূহৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে আৰ্থিক সংকটে। চৰকাৰে ইবাৰৰ পাছত সিবাৰ ঋণ লৈ দেউলীয়া আৰ্থিক অৱস্থা ঢাকিবলৈ চেষ্টা কৰিলেও বাস্তৱত তাৰ প্ৰভাৱ পৰিছে উচ্চ শিক্ষানুষ্ঠান সমূহত।

ৰাজ্য চৰকাৰে কেতিয়ালৈ সেই ধন মহাবিদ্যালয় সমূহক আদায় দিব তাৰ কোনো নিশ্চয়তা নাই। বিদ্যুৎ সংযোগ কৰ্তন কৰিলে মহাবিদ্যালয় সমূহত শিক্ষাদান, ছাত্ৰ-ছাত্ৰীৰ আৱাস সমূহত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। এনেকৈয়ে এতিয়া গভীৰ সংকটত সোমায় পৰিছে ৰাজ্যৰ প্ৰায়বোৰ মহাবিদ্যালয়।

assam assam govt college