মুখ্য বন সংৰক্ষক, IFS এম কে যাৱদক বিশেষ মুখ্য সচিব হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি...

২৯ ফেব্ৰুৱাৰী, ২০২৪ ত অৱসৰ লাভ কৰিছে বিষয়াগৰাকীয়ে
মুখ্য বন সংৰক্ষক, IFS এম কে যাৱদক  বিশেষ মুখ্য সচিব হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি...
মুখ্য বন সংৰক্ষক, IFS এম কে যাৱদক বিশেষ মুখ্য সচিব হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কেবিনেটৰ অনুমোদন সাপেক্ষে ৰাজ্যৰ মুখ্য বন সংৰক্ষক আৰু বন সুৰক্ষা বাহিনীৰ মুৰব্বী, আই এফ এছ বিষয়া এম কে যাদৱৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ লগতে তেওঁক বন বিভাগৰ বিশেষ মুখ্য সচিব হিচাপে দায়িত্ব দিয়া হৈছে। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ৰাজ্যত এনে ঘটনা সংঘটিত হৈছে। বন বিভাগৰ এগৰাকী মুখ্য সচিব থকাৰ পিছতো পুনৰ আন এজনক বিশেষ মুখ্য সচিব হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।

২৯ ফেব্ৰুৱাৰীত অৱসৰ লাভ কৰা এই বিষয়াগৰাকীৰ বৰ্ধিত এটা বছৰৰ কাৰ্যকাল ১ মাৰ্চ ২০২৪ ৰ পৰা আৰম্ভ হ'ব।

এই বৰ্ধিত এবছৰৰ কাৰ্যকালত তেওঁৰ দৰমহা আৰু বকেয়া বানচৰ ওপৰত ভিত্তি কৰি লাভ কৰিব। অৱশ্যে এই এবছৰীয়া কাৰ্যকালত তেওঁ অন্যান্য সুবিধা যেনে জি পি এফ, জি আই এছ আৰু অন্যান্য বকেয়া লাভ নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ লাভ কৰিব মেডিকেল ৰিমব্ৰাছমেণ্ট।

অসম চৰকাৰৰ পাৰ্ছনেল বিভাগৰ সচীব আই এ এছ যাদৱ শইকীয়াই স্বাক্ষৰ কৰা No.AAP.23/2024/6 পত্ৰ জৰিয়তে ২৯ ফেব্ৰুৱাৰীত এই নিৰ্দেশনা জাৰি কৰিছে।

মুখ্য বন সংৰক্ষক, IFS এম কে যাৱদক  বিশেষ মুখ্য সচিব হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি...
অল ইণ্ডিয়া পুলিচ মীটত অসম আৰক্ষীৰ বাৰ্ডী বড়োৰ ৪ টা পদক, ছেপাক টাক্ৰ দলৰ ৩ টা পদক লাভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in