পেঞ্চনৰ পৰা আৰম্ভ কৰি ৮৩০১.২৯ কোটি টকাৰ প্ৰকল্প! ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সৱিশেষ...

বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ পাছতে সংবাদমেল সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

author-image
Asomiya Pratidin
New Update
কাগজ কলৰ কৰ্মচাৰীলৈ ৩০৮.৪৫ কোটি , ৪ খন মেডিকেল কলেজলৈ ২ হাজাৰ কোটি…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ পাছতে সংবাদমেল সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। লগতে উপস্থিত থাকে মন্ত্রী কেশৱ মহন্ত, মন্ত্রী অশোক সিংঘাল। এই কেবিনেটত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

Advertisment
  • ৩০১গৰাকী লোকতন্ত্র সেনানিক মাহিলি পেঞ্চনৰ বাবে অনুমোদন।

  • প্রতিগৰাকী সেনানিক দিব ১৫ হাজাৰকৈ পেঞ্চন।

  • মৃত্যু হোৱা সেনানিৰ পত্নী নহ’লে জীয়ৰীয়ে পাব এই পেঞ্চন।

  • ৪টা মেগা প্রজেক্টৰ বাবে বিনিয়োগ কৰিব ৰাজ্য চৰকাৰে।

  • ৮৩০১.২৯ কোটি টকা ৪টা প্রজেক্টৰ বাবে কেবিনেটত অনুমোদন।

  • এই প্রজেক্টত ৬১০০টা প্রত্যক্ষ নিয়োগ হ’ব।

  • ৯ মে’ত কোম্পানীৰ সৈতে MOU স্বাক্ষৰ কৰিব।

  • ক্রীড়া পলিচীৰ অধীনত এইবছৰ ৰাষ্ট্রীয় ক্রীড়াত পদক পোৱা খেলুৱৈক নিযুক্তি।

  • ১০গৰাকী খেলুৱৈক তৃতীয় বৰ্গত নিযুক্তি দিয়াৰ সিদ্ধান্ত কেবিনেটত।

  • অইল আৰু অসম গেছ কোম্পানীৰ যৌথ উদ্যোগত হ’ব চিটী গেছ ছাৰ্ভিচ।

  • অসম গেছ কোম্পানীৰ থাকিব ৫১ শতাংশ শ্বেয়াৰ।

  • অসম-অৰুণাচলৰ সীমা বিবাদ নিষ্পত্তিৰ দিশত।

  • কাইলৈ সন্ধিয়া ৬ বজাত গৃহমন্ত্রীৰ উপস্থিতিত দিল্লীত MOU স্বাক্ষৰ হ’ব।

Also Read: হাইব্ৰিড! একেলগে ৩ প্ৰকাৰৰ সূৰ্য গ্ৰহণ, কোনে, কৰ পৰা পাৰিব চাব?