সুদীৰ্ঘকালৰ অন্তত মেৰাপানীবাসীয়ে লাভ কৰিলে ভাৰতীয় ষ্টেট বেংকৰ শাখা

শাখাটি মুকলি কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে

author-image
Asomiya Pratidin
New Update
সুদীৰ্ঘকালৰ অন্তত মেৰাপানীবাসীয়ে লাভ কৰিলে ভাৰতীয় ষ্টেট বেংকৰ শাখা

ডিজিটেল সংবাদ,মেৰাপানী : অৱশেষত দীৰ্ঘদিনীয়া প্ৰত্যাশাৰ অন্ত পেলাই মেৰাপানীত স্থাপন হ'ল ভাৰতীয় ষ্টেট বেংকৰ এটি শাখা। সুদীৰ্ঘকালৰ অন্তত দেওবাৰে মেৰাপানীত স্থাপন কৰা এছ বি আইৰ শাখাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।

Advertisment

অসম-নাগালেণ্ড সীমাঞ্চলৰ জনসাধাৰণৰ এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে পৰিগণিত হৈ থকা ৰাষ্ট্ৰীয়কৃত বেংকৰ অভাৱ দূৰ কৰি বৃহত্তৰ অঞ্চলটিত শাখা মুকলি কৰা কাৰ্যই ৰাইজক উৎসাহিত কৰি তুলিছে। মন্ত্ৰী অজন্তা নেওগৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত ভাৰতীয় ষ্টেট বেংকৰ অৱ ইণ্ডিয়াৰ শাখাটো এক আড়ম্বপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মুকলি কৰা হয়।

মন্ত্ৰী অজন্তা নেওগে শাখাটোৰ ফিটা কাটি শুভ উন্মোচন কৰাৰ লগতে মেৰাপানীৰ প্ৰথম দুজন গ্ৰাহক মানিক বৰা আৰু নটুৱাৰ ঠাকুৰক SBI পাচবুক আৰু একোটিকৈ উপহাৰ প্ৰদান কৰে। আটকধুনীয়াকৈ নিৰ্মাণ কৰা শাখাটিৰ মুকলি অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গুৱাহাটী চাৰ্কুলৰ মহা প্ৰৱন্ধক ধুব্ৰু চৰণ বলৰ, যোৰহাট মডিউলৰ মহা প্ৰৱন্ধক সুৰভি ভট্টাচাৰ্য, যোৰহাট ক্ষেত্ৰীয় প্ৰৱন্ধক অনুৰাগ অৰ্পণ, মেৰাপানীৰ নতুন শাখাৰ প্ৰৱন্ধক সূৰ্য শৰ্মাৰ লগতে শতাধিক স্থানীয় ৰাইজৰ উপস্থিত থাকে।

Also Read: অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাক ‘ডেকাগিৰি বঁটা’ প্ৰদান

state bank of india merapani ajanta neog