ৰাষ্ট্ৰীয় চেনেলৰ নৃত্য প্ৰতিযোগীতাত অংশ গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন বৰপথাৰৰ অলংকৃতা…

ৰাষ্ট্ৰীয় চেনেলৰ নৃত্য প্ৰতিযোগীতাত অংশ গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন বৰপথাৰৰ অলংকৃতা…

author-image
asomiyapratidin
New Update
ৰাষ্ট্ৰীয় চেনেলৰ নৃত্য প্ৰতিযোগীতাত অংশ গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন বৰপথাৰৰ অলংকৃতা…

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰৰ অলংকৃতা ভট্টাচাৰ্যই কলকতাৰ বাংলা ষ্টাৰ জলছা চেনেলটোৱে অনুষ্ঠিত কৰা 'ডেন্স ডেন্স জুনিয়ৰ' নামৰ ৰিয়েলিটী শ্বত অংশ গ্ৰহনৰ বাবে যোগ্যতা অৰ্জন কৰা ৰাজ্যখনৰ একমাত্ৰ প্ৰতিযোগী। সমগ্ৰ দেশৰ প্ৰায় তিনি হেজাৰ প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা এই মেগা ৰিয়েলিটী শ্ব' ৰ মুখ্য বিচাৰকৰ দায়িত্বত মিথুন চক্ৰৱৰ্ত্তীৰ দৰে জনপ্ৰিয় অভিনেতাই অংশ গ্ৰহন কৰিব।

বৰ্তমান অলংকৃতাই এই ৰিয়েলিটী শ্ব'টোৰ টপ-১৬ত অংশ গ্ৰহনৰ বাবে যোগ্যতা অৰ্জন কৰিছে | অলংকৃতা অমৃত ইন্টাৰনেচনেল স্কুলৰ ক্লাচ ফ'ৰৰ ছাত্ৰী তথা বৰপথাৰৰ চাৰি নং ৱাৰ্ডৰ সঞ্জীৱ ভট্টাচাৰ্য আৰু সুৰ্জালী ভট্টাচাৰ্যৰ একমাত্ৰ কন্যা |