বৃহৎ ছিণ্ডিকেটৰাজ : শ্ৰীৰামপুৰত ম’হ, গাহৰি কঢ়িওৱা গাড়ীৰ পৰা সপ্তাহত ডেৰ-দুই কোটি আদায়…

বৃহৎ ছিণ্ডিকেটৰাজ : শ্ৰীৰামপুৰত ম’হ, গাহৰি কঢ়িওৱা গাড়ীৰ পৰা সপ্তাহত ডেৰ-দুই কোটি আদায়…

author-image
asomiyapratidin
New Update
বৃহৎ ছিণ্ডিকেটৰাজ : শ্ৰীৰামপুৰত ম’হ, গাহৰি কঢ়িওৱা গাড়ীৰ পৰা সপ্তাহত ডেৰ-দুই কোটি আদায়…

ডিজিটেল ডেস্ক : শ্ৰীৰামপুৰত কোটি কোটি টকাৰ ছিণ্ডিকেট। বি টি আৰৰ শীৰ্ষ নেতাৰ পৃষ্ঠপোষকতাত ছিণ্ডিকেটৰ কাণ্ডাৰী হাফিজুল ইছলামৰ ব্যাপক হাৰত গুণ্ডাকৰ সংগ্ৰহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে কোকৰাঝাৰ জিলাৰ অসম-পশ্চিমবংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত গঢ়ি উঠিছে এনেধৰণৰ বৃহৎ ছিণ্ডিকেটৰাজ।

উল্লেখ্য যে বি টি আৰৰ এগৰাকী শীৰ্ষ নেতাৰ ছত্ৰছায়াত গঢ়ি উঠা এই ছিণ্ডিকেট চক্ৰই সম্প্ৰতি ম'হ আৰু গাহৰি কঢ়িওৱা ট্ৰাকৰ পৰা প্ৰতি সপ্তাহত ডেৰ-দুই কোটি টকা সংগ্ৰহ কৰে। বৰ্তমানে এই ছিণ্ডিকেট চক্ৰক আগতীয়াকৈ ধন জমা নিদিলে ম'হ আৰু গাহৰি কঢ়িওৱা ট্ৰাক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহয়।

হাফিজুল ইছলাম নামৰ স্থানীয় মাফিয়া এটাক লগত লৈ বি টি আৰৰ নেতাগৰাকীয়ে শ্ৰীৰামপুৰত এই ছিণ্ডিকেটৰ গইনা লৈ ব্যাপক হাৰত ধন সংগ্ৰহত নামি পৰিছএ। ম'হ কঢ়িওৱা প্ৰতিখন ডি আই পিক আপ গাড়ীৰ পৰা ৫০ হাজাৰ আৰু গাহৰি কঢ়িওৱা প্ৰতিখন ট্ৰাকৰ পৰা ২০ হাজাৰকৈ টকা সংগ্ৰহ কৰি আহিছে ছিণ্ডিকেট চক্ৰই। শ্ৰীৰামপুৰত চলোৱা এই সন্ত্ৰাসৰ বিষয়ে আৰক্ষী-প্ৰশাসন অৱগত যদিও এই কাৰ্য প্ৰত্যেক দিনাই চলি আহিছে।

assam himanta biswa sarma Assam police