জামিন লাভ কৰিও কাৰাগাৰত শৃংখল চলিহা, কাইলৈৰ পৰা শিৱসাগৰ অচল কৰি দিয়াৰ ভাবুকি দল-সংগঠনৰ

জামিন লাভ কৰিও কাৰাগাৰত শৃংখল চলিহা, কাইলৈৰ পৰা শিৱসাগৰ অচল কৰি দিয়াৰ ভাবুকি দল-সংগঠনৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ   আদালতৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাবলৈ নোপাওঁতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক  আৰক্ষীয়ে পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে  এক চেপা উত্তেজনা বিৰাজ কৰিছে।

শৃংখল চলিহাক জামিন লাভৰ পাছত পুনৰ এইদৰে আৱদ্ধ কৰি ৰখাক লৈ এক ৰহস্যৰো সৃষ্টি হৈছে। কিয়নো বৰ্তমানলৈকে শিৱসাগৰ জিলা প্ৰশাসন অথবা শিৱসাগৰ আৰক্ষী প্ৰশাসনে এই সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই।আনহে নালাগে শৃংখল চলিহাকো এইদৰে আৱদ্ধ কৰি ৰখাৰ কাৰণ জনোৱা নাই ৷ 

এক সূত্ৰৰ পৰা শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হোৱা বুলি তথ্য লাভ কৰা হৈছে। কিন্তু কোনটো গোচৰৰ আধাৰত,আইনৰ কি ধাৰাৰ অধীনত চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয় স্পষ্ট নহয়। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত যদি শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে তেন্তে এই আদেশ জিলা দণ্ডাধীশ অৰ্থাৎ শিৱসাগৰ জিলাৰ উপায়ুক্তই প্ৰদান কৰিব পাৰে।

তেনস্থলত শিৱসাগৰ জিলা উপায়ুক্তৰ সৈতে গ্ৰেপ্তাৰ প্ৰসংগত যোগাযোগ কৰা হৈছিল যদিও বিষয়া গৰাকীয়ে সেইয়া আৰক্ষী প্ৰশাসনৰ আওতাত বুলি স্পষ্ট কৰি দিয়ে। ইফালে শৃংখল চলিহাৰ এই আটক অথবা গ্ৰেপ্তাৰক লৈ শিৱসাগৰ আৰক্ষীৰ পৰা তথ্য বিচৰা হৈছিল যদিও শিৱসাগৰ আৰক্ষীয়ে কোনো তথ্য প্ৰদান কৰাৰ পৰা বিৰত থাকে। মুঠৰ ওপৰত জেলৰ পৰা জামিন লৈ বাহিৰ ওলাব লোৱা শৃংখল চলিহাক শিৱসাগৰ জেলত আৰক্ষীয়ে আৱদ্ধ কৰি ৰখাৰ বাৰ ঘণ্টা সময় পাৰ হৈ গ’ল যদিও এতিয়াও শৃংখল চলিহাৰ আৱদ্ধক লৈ পৰিয়ালৰ লোকৰ লগতে সংবাদ মহল নিশ্চিত নহয়।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধিয়ক অখিল গগৈয়ে বুধবাৰে শিৱসাগৰ জেলৰ সমুখলৈ আহি সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয় যদি শৃংখল চলিহাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন প্ৰয়োগ কৰা হৈছে তেন্তে এইয়া আজিৰ দিনত ভাৰতৰ সকলোতকৈ বেছি বেয়া ঘটনা। এই কাৰ্য চৰম স্বৈৰাচাৰীৰ উদাহৰণ বুলি কৈ তেওঁ অনতিপলমে শৃংখল চলিহাক মুকলি কৰি দিবলৈ আহবান জনায়‌।

বহিৰাগতই থলুৱাক প্ৰহাৰ কৰি জামিনত মুক্তি লাভ কৰা এইখন চৰকাৰে বহিৰাগতক আক্ৰমণ কৰাৰ অভিযোগ আনি শৃংখলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন প্ৰয়োগ কৰা কাৰ্যই এইখন চৰকাৰৰ পৰিচয় উদঙাই দিয়া বুলি তেওঁ সমালোচনা কৰে। লাচিত সেনা অসমৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱাই আজি শিৱসাগৰ জিলা কাৰাগাৰৰ সমুখৰ পৰা চৰকাৰক প্ৰত্যাহ্বান জনাই কাইলৈৰ পৰা এই অবৈধ আটকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

যিসকল বহিৰাগতই অসমত থাকি  ৰাজ্যৰ হকে কাম কৰি গৈছে সেইসকলৰ প্ৰতি অভিযোগ নাই বুলি তেওঁ দোহাৰি যিসকল বহিৰাগতই অসমৰ পৰা লুণ্ঠন কৰি অসমীয়াৰ মূৰত নাচিচে তেওঁলোকক মাৰি মাৰি খেদোৱা হ'ব বুলি ঘোষণা কৰে।শৃংখল চলিহাৰ  আৱদ্ধক লৈ ক্ষুন্ন হৈ পৰা শিৱসাগৰৰ বহু কেইটা দল-সংগঠনে আজি আৰক্ষী-প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।হাতে হাতে ফেষ্টুন লৈ বীৰ লাচিত সেনা, জাতীয় সংগ্ৰামী সেনা, অসমীয়া যুৱ মঞ্চ,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম ছাত্ৰ যুৱ সন্মিলন আদিকে কৰি বহু কেইটা সংগঠনৰ সদস্যই শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে।পুলিচ প্ৰশাসনৰ গণতন্ত্ৰ বিৰোধী কাৰ্য বন্ধ কৰক,শৃংখল চলিহাক অতি শীঘ্ৰে মুক্তি দিয়ক,পুলিচৰ ফেচিষ্ট কাৰ্য বন্ধ কৰক,শৃংখল চলিহাৰ বিৰুদ্ধে ভুৱা গোচৰ প্ৰত্যাহাৰ কৰক আদি লিখা ফেষ্টুন লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচত অংশ লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে অসম চৰকাৰক এক ডুবন্ত নাঁৱৰ ওপৰত উঠি থকা বুলি কটাক্ষ কৰি কয় যে এইখন চৰকাৰৰ থলুৱা লোকৰ ওপৰত এনেধৰণৰ আক্ৰমণ উচিত নহয় বুলি মন্তব্য কৰে।যদি চৰকাৰে শৃংখল চলিহাৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন প্ৰয়োগ কৰিছে তেন্তে এই কাম গৰ্হিত বুলি কৈ অনতিপলমে শৃংখল চলিহাৰ পৰা এই আইন প্ৰত্যাহাৰ কৰিবলৈ আহবান জনায়।

অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্তু মেছে চৰকাৰৰ অগণতান্ত্ৰিক আৰু ফেচিষ্ট শাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰা বুলি উল্লেখ কৰি শৃংখল চলিহাৰ মুক্তিৰ দাবী উত্থাপন কৰে।প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অসম সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই শৃংখলক এইদৰে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি চলিহাৰ মুক্তি দিয়াৰ আহবান জনায়।অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈয়ে সংগঠনৰ প্ৰতিবাদী কণ্ঠ চৰকাৰে ৰুদ্ধ কৰাৰ চেষ্টা কৰা বুলি অভিহিত কৰি শৃংখল চলিহাৰ বিৰুদ্ধে ৰচা ভুৱা গোচৰ প্ৰত্যাহাৰ কৰি চলিহাৰ মুক্তি দাবী কৰে।

জামিন লাভ কৰিও কাৰাগাৰত শৃংখল চলিহা, কাইলৈৰ পৰা শিৱসাগৰ অচল কৰি দিয়াৰ ভাবুকি দল-সংগঠনৰ
কৰিমগঞ্জত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰ্যালোচনা বৈঠক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in