কৰিমগঞ্জত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰ্যালোচনা বৈঠক

মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলাখনৰ সকলো বিভাগৰ বিষয়াৰ উপস্থিতিত এখন পৰ্যালোচনা সভাত অংশ লয় ।

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰ্যালোচনা বৈঠক

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলাখনৰ সকলো বিভাগৰ বিষয়াৰ উপস্থিতিত এখন পৰ্যালোচনা সভাত অংশ লয় । জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভাগসমূহৰ কাম কাজৰ বিষয়ে বুজ লোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে উপস্থিত বিধায়কসকলৰ পৰাও জিলাখনৰ উন্নয়নমূলক কামৰ প্ৰস্তাৱসমূহ আলোচনা কৰে ।

আনহাতে অৰুণোদয়ৰ দৰে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰাতো সুনিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক নিৰ্দেশনা প্ৰদান কৰে । আগন্তুক বানৰ সময়ৰ বাবে প্ৰয়োজনীয় প্ৰতিৰোধৰ কামসমূহ সমাপণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে ।

Also Read: সীমান্তত প্ৰৱেশ কৰাৰ সময়তে সেনাৰ আক্ৰমণত নিহত সন্ত্ৰাসবাদী