ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব শংকৰদেৱৰ নামত এখন আসনঃ দুই ৰাজ্যৰ মাজত হ'ব সাংস্কৃতিক বিনিময়...

ছত্তীশগড়ৰ ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন। কেৱল সেয়াই নহয়, ইয়াৰ বাবে বাজেটত ধায্য কৰা হৈছে ২ কোটি টকা।

author-image
Tushar Pratim
New Update
ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব শংকৰদেৱৰ নামত এখন আসনঃ দুই ৰাজ্যৰ মাজত হ'ব সাংস্কৃতিক বিনিময়...

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই দিলে এক ভাল খবৰ। ৰাজ্যখনৰ ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন। কেৱল সেয়াই নহয়, ইয়াৰ বাবে বাজেটত ধায্য কৰা হৈছে ২ কোটি টকা। তাৰোপৰি ৰাজ্যখনৰ সৈতে অসমৰ সাংস্কৃতিক বিনিময়ৰ সন্দৰ্ভতো পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যপালগৰাকীয়ে। 

উল্লেখ্য যে, ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পাছতেই ৰমেন ডেকাই অসমৰ সৈতে ৰাজ্যখনৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছিল। তেওঁ ঐতিহাসিকভাৱে এই দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰিছিল। সেই কথাকেই পুনৰ এবাৰ দোহাৰি ডেকাই আজি গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি এই ভাল খবৰ দিছে।

গুৱাহাটীৰ ছাত্ৰীবাৰীত থকা ডেকাৰ বাসভৱনত আজি এক সংবাদ মেল সম্বোধন কৰি ডেকাই কয় যে, ইংৰাজ শাসনকালৰ পৰাই ছত্তীশগড়ৰ সৈতে অসমৰ এটা সু-সম্পৰ্ক আছে। কিছুদিন পূৰ্বে অসম ছাত্ৰ সন্মিলনৰ এখন সভাত অসম আৰু ছত্তীশগড়ৰ ঐতিহাসিক সংস্কৃতি ৰক্ষা কৰিবলৈ মই ৰাজভৱনৰ ফালৰ পৰা দুই লাখ টকা আগবঢ়াইছিলো।

তেওঁ ৰাজ্যখনৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ আসন প্ৰতিষ্ঠাৰ সন্দৰ্ভত কয়,  ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত সংৰক্ষণ হ'ব আসন। ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত দুই কোটি টকা ধাৰ্য কৰা হৈছে। ছত্তীশগড়ৰ ৰাজ্যভাষাতে শিক্ষাৰ্থীয়ে মহাপুৰুষ জনাৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত গৱেষণা কৰিব পাৰিব।

তেওঁ কয়, ৫০ বছৰ পূৰ্বে মহেন্দ্ৰ মোহন চৌধুৰী পাঞ্জাৱৰ ৰাজ্যপাল হৈ থাকোতেই পাঞ্জাৱৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰিছিল।তাৰ ঠিক ৫০ বছৰ পাছত এতিয়া ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা হৈছে। বিশ্ববিদ্যালয়খনে নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ সময়তে এই নতুন আসনখন প্ৰতিষ্ঠা কৰা হ'ব।

এনে পদক্ষেপৰ বাবে তেওঁ নিজেই এগৰাকী অসমীয়া হিচাপে গৌৰৱবোধ কৰিছে বুলিও কয় সংবাদ মেলত। ইফালে দুয়োখন ৰাজ্যৰ মাজত সাংস্কৃতিক বিনিময়ৰ বাবে তেওঁ গুৱাহাটী উজান বজাৰৰ মহিলা ভাওনা দলক ছত্তীশগড়ত ভাওনা প্ৰদৰ্শন কৰিবলৈ নিয়া হ'ব বুলিও জানিবলৈ দিছে।

এই সন্দৰ্ভত তেওঁ কয়,"উজান বজাৰৰ মহিলা ভাওনা দলটোক মই ছত্তীশগড়লৈ ভাওনা প্ৰদৰ্শনৰ বাবে লৈ যাম বুলি কৈছিলো। ছত্তীশগড়ত অসমৰ ভাওনা প্ৰদৰ্শিত হ’ব। লগতে আমি ছত্তীশগড়ৰ সাংস্কৃতিক দলো অসমলৈ আনিম। এই সন্দৰ্ভত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো৷

ৰাজ্যপাল ৰমেণ ডেকাই অসম আৰু ছত্তীশগড়ৰ মাজৰ এই সম্পৰ্কক অধিক সুদৃঢ় কৰিবলৈ অসমত এটা ছত্তীশগড় ভৱন নিৰ্মাণৰো প্ৰস্তাৱ দিছে। এনে পদক্ষেপে দুয়োখন ৰাজ্যৰ মাজৰ একতাও সুদৃঢ় কৰিব বুলি তেওঁ বিশ্বাসী। 

 

Advertisment

 

ৰমেন ডেকা ছত্তীশগড়