শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী বিষয়বাব কাৰ,কাৰ হাতত...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰি অধিৱেশনৰ অন্তিম দিনা প্ৰতিনিধি গৃহ ক্ষেত্ৰত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক।
কুশল ঠাকুৰীয়া
কুশল ঠাকুৰীয়া

ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰি অধিৱেশনৰ অন্তিম দিনা প্ৰতিনিধি গৃহ ক্ষেত্ৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত সংঘৰ নতুন প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় গুৱাহাটী মহানগৰ সমিতিক প্ৰতিনিধিত্ব কৰা কুশল ঠাকুৰীয়া। মুঠ ৪৮ টা ভোট লাভ কৰি ঠাকুৰীয়া এই পদত নিৰ্বাচিত হয়।

ঠাকুৰীয়াৰ বিপৰীতে এই পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা মুকুল গগৈয়ে ১৮ টা, নলীন বৰাই ১২ টা ভোট লাভ কৰে।পৰৱৰ্তী কাৰ্যকালৰ বাবে যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় ক্ৰমে- গোলাঘাটৰ দেৱৰঞ্জন বৰা আৰু গহপুৰৰ দিলীপ বৰা।

আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ অধিনায়ক হিচাপে নিৰ্বাচিত হয় চৰাইদেউৰ সঞ্জীৱ বৰা। সংস্কৃতি শাখাৰ সভাপতি হিচাপে পবিত্ৰ প্ৰাণ বৰা, সম্পাদক হিচাপে সঞ্জীৱ বৰুৱা, সাহিত্য শাখাৰ সভাপতি হিচাপে মানস প্ৰতীম বৰা আৰু সম্পাদক হিচাপে জগত চন্দ্ৰ কলিতাক নিৰ্বাচিত কৰে কাৰ্যনিৰ্বাহকৰ সদস্য সকলে।আৱেলি ৫ বজাৰ পৰা এই কাৰ্যনিৰ্বাহক সভা ৬.৩০ বজালৈ অনুষ্ঠিত হৈছিল।

আৰু পঢ়ক: স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ এজন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in