আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ নেতৃত্বই...

সোমবাৰে টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়
srimanta sankardev sangha
srimanta sankardev sangha

ডিজিটেল ডেস্ক : অৱশেষত টাইপাৰ দাবীত হেও মানিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই। আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ নেতৃত্বই। উল্লেখ্য যে সোণাৰিত সোমবাৰে টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়।

সোণাৰি আৱৰ্ত ভৱনত অনুষ্ঠিত হয় এই বৈঠক। টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ উপৰিও দুয়োটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰে এই বৈঠকত।

চকলং বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ বাবেই মৰিয়নিৰ চাৰিটা পৰিয়ালক শংকৰদেৱ সংঘৰ লাহিং আঞ্চলিকে শুদ্ধিকৰণ কৰা সন্দৰ্ভত বিতৰ্ক সৃষ্টি হোৱাৰ পাছত টাই আহোম যুৱ পৰিষদ অসমৰ নেতৃত্বই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছিল শংকৰদেৱ সংঘৰ নেতৃত্বক।

ইয়াৰ পাছতেই আজি অনুষ্ঠিত বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশেষত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ নেতৃত্বই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in